ETV Bharat / state

TMC joining program; উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত TMC ৰ আশীৰ্বাদ অবিহনে কোনেও মুখ্য কাৰ্যবাহী সদস্য হ’ব নোৱাৰিব : আচিং জেমি

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 12:20 PM IST

বৃহস্পতিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ খাৰতং সমষ্টিৰ সাংবাৰত আয়োজন কৰা হয় এক যোগদান কাৰ্যসূচী ৷ এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ-বিজেপি দল ত্যাগ কৰি 80 ৰো অধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । এই যোগদান কাৰ্যসূচীৰ অন্তত তৃণমূল কংগ্ৰেছৰ ডিমা হাছাও জিলা সভাপতি আচিং জেমিয়ে বিজেপি চৰকাৰক লক্ষ কৰি কেতবোৰ মন্তব্য প্ৰদান কৰে ৷

TMC joining program
তৃণমূল কংগ্ৰেছত যোগদান

তৃণমূল কংগ্ৰেছত যোগদান

হাফলং, 6 অক্টোবৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অহা ডিচেম্বৰ বা জানুৱাৰীত অনুষ্ঠিত হ’ব এই নিৰ্বাচন । ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈ পৰিছে । এইবাৰ তৃণমূল কংগ্ৰেছৰ আশীৰ্বাদ অবিহনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত কোনেও মুখ্য কাৰ্যবাহী সদস্য হ’ব নোৱাৰিব বুলি দাবী কৰে তৃণমূল কংগ্ৰেছৰ ডিমা হাছাও জিলা সভাপতি আচিং জেমিয়ে ।

উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত খাৰতং সমষ্টিৰ সাংবাৰত বৃহস্পতিবাৰে আয়োজন কৰা হয় তৃণমূল কংগ্ৰেছত যোগদানৰ এক কৰ্মসূচী ৷ এই কাৰ্যসূচীত অংশ লয় তৃণমূল কংগ্ৰেছৰ ডিমা হাছাও জিলা সভাপতি আচিং জেমিয়ে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে ডিমা হাছাও জিলাত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলত যোগদানৰ যি কৰ্মসূচী সেয়া অহা দিনতো অব্যাহত থাকিব ।

তেওঁ আৰু কয়, ‘‘কংগ্ৰেছ-অগপ দলৰ পৰা তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাটো স্বাভাৱিক কথা ৷ কিন্তু ক্ষমতাত থকা বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছৰ যোগদানৰ বিষয়টোৱে স্পষ্ট কৰি দিছে যে বিজেপি দলে জাতি ধৰ্মৰ ৰাজনীতি কৰে ৷ এই বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি সংগঠিত হৈছে ৷ সেয়ে এইবাৰ বিজেপি ত্যাগ কৰি বহু নেতা কৰ্মী তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাটো স্বাভাৱিক কথা’’ ৷

ইয়াৰ লগতে আচিং জেমিয়ে কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 28 টা সমষ্টিত বিজেপি দলে জয়লাভ কৰিব বুলি দাবী কৰিছে ৷ কিন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ এই সমষ্টিত বিজেপিৰ জয়লাভ কৰাৰ সম্ভাৱনা নাই । তৃণমূল কংগ্ৰেছে বিজেপি দলৰ বিৰুদ্ধে যুঁজ দিব’’ ৷

লগতে আচিং জেমিয়ে দাবী কৰে এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিচতে তৃণমূল কংগ্ৰেছৰ আশীৰ্বাদ অবিহনে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত কোনোৱেই মুখ্য কাৰ্যবাহী সদস্য হ’ব নোৱাৰিব ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ খাৰতং সমষ্টিৰ সাংবাৰত আয়োজন কৰা এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমি, সাধাৰণ সম্পাদক ছেথমিনথাং খংচাই আৰু তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীয়ে ৷ এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ-বিজেপি দল ত্যাগ কৰি 80 ৰো অধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ।

লগতে পঢ়ক : Youth missing news : পাচিঘাটলৈ গৈ 18 আগষ্টৰ পৰা সন্ধানহীন জোনাইৰ ৰাজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.