অসম

assam

বঙাইগাঁৱৰ গেৰুকাবাৰীৰ পথ দুৰ্ঘটনাত আহত কেবাজনো

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:37 PM IST

ভয়াৱহ পথ দুৰ্ঘটনা

মাণিকপুৰ, ১৮ নৱেম্বৰ :শনিবাৰে বঙাইগাঁৱৰ গেৰুকাবাৰীত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা । গেৰুকাবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰপেটা অভিমুখী AS০১ NC ৭৭৬০ নম্বৰৰ এখন EXPLOSIVE VAN এ মহতিয়াই নিলে দুখনকৈ দোকান । এই দুৰ্ঘটনাৰ ফলত স্কুলীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আহত হৈছে ৮ গৰাকী লোক ।

আহত কেইজন ক্ৰমে বঙাইগাঁও জিলাৰ বেকাৰচকৰ নিৱাসী তথা গেৰুকাবাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী চালেহা খাতুন, ১ নং ঝাৰাগুৰীৰ মুতালেম তালুকদাৰ (৩৫), মাণিকপুৰ নোৱাপাৰাৰ সুকুমাৰ আৰ্য (৪৫), গেৰুকাবাৰীৰ পূৰ্ণিমা ৰায় (৩৪), চিৰাঙৰ বিজনীৰ ২ নং ৱাৰ্ড কাবুলিবাগানৰ মানিক সাহা (৪০), কাৱাটিকাৰ ৰামচন্দ্ৰ সৰকাৰ (৪০), ৰাকেশ সৰকাৰ (২৩), অক্সিগুৰীৰ টেক বাহাদুৰক(২৮)।

আহত কেইজনৰ ভিতৰত টেক বাহাদুৰ, ৰামচন্দ্ৰ সৰকাৰ, সুকুমাৰ আৰ্যক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও আৰু কাজলগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ লগতে স্থানীয় ৰাইজে গেৰুকাবাৰী চ’কত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰণ সেতু নিৰ্মাণৰ লগতে ট্ৰাফিকৰ ব্যৱস্থা কৰি দিবৰ বাবে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও লাভ কৰা নাই চালকৰ পৰিচয় । পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ অন্তত পথ অৱৰোধ কাৰ্যসূচী উঠাই লয় প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক :বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, নিহত 6 জন

ABOUT THE AUTHOR

...view details