ETV Bharat / bharat

বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, নিহত 6 জন

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:14 AM IST

Updated : Nov 18, 2023, 12:15 PM IST

ঝাৰখণ্ডৰ গিৰিডিহত অঘটন ৷ শনিবাৰে পুৱাই গিৰিডিহত সংঘটিত এক দুৰ্ঘটনাত থিতাতে নিহত হয় 6 জন লোক ৷ লগতে শিশুসহ আহত হৈছে আন কেবাজনো লোক (Six people died in road accident in Giridih)৷

Five people died in road accident in Giridih
ঝাৰখণ্ডৰ গিৰিডিহ অঘটন

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ : এক উদুলি-মুদুলি পৰিৱেশ ৷ নচাই নাচিছে, গান গোৱাই গান গাইছে ৷ ৰন্ধাই আকৌ ৰান্ধিছে ৷ সকলো ব্যস্ত ৷ বহলাই কোৱাৰ প্ৰয়োজন নাই ৷ আমি উল্লেখ কৰিছো এখন বিবাহ অনুষ্ঠানৰ কথা ৷ আলহীক আদৰ-সাদৰ কৰাত ব্যস্ত সকলো ৷

ইমানলৈকে সকলো ঠিকেই চলি আছিল ৷ কিন্তু হঠাৎ শনিবাৰে দিনটোত আহিল এটা বেয়া খবৰ ৷ বিবাহস্থলীৰ পৰা ওভতা এখন বাহন পতিত হ’ল এক ভয়াৱহ দুৰ্ঘটনাত ৷ মূহুৰ্ততে যেন সকলো শেষ হৈ গ’ল ৷ বিবাহথলীৰ সেই আনন্দও যেন ম্লান পৰিল ৷

উল্লেখিত ঘটনাটো হৈছে ঝাৰখণ্ডৰ গিৰিডিহৰ ৷ 17 নৱেম্বৰত চান্দ ৰছিদৰ সৈতে মুস্কান প্ৰবীণৰ সৈতে নিকাহ (বিবাহ) সম্পন্ন হয় ৷ এই নিকাহ সম্পন্ন হোৱাৰ পাচত এখন স্ক’ৰপিঅ’ বাহনেৰে 10 জন লোক ৰাওনা হৈছিল নিজ ঘৰৰ অভিমুখে ৷ তেনেতে হঠাৎ স্ক’ৰপিঅ’ বাহনখনে প্ৰচণ্ড জোৰেৰে এডাল গছত খুন্দা মাৰে ৷ শনিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত কেবাজনো লোকৰ মৃত্যু হয় ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, স্ক’ৰপিঅ’ বাহনখনে তীব্ৰবেগত গতি কৰি আছিল ৷ যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে খবৰ দিয়ে মুফাচিল আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কৰে ৷

এই দুৰ্ঘটনাত ইতিমধ্যে 6 জন লোকৰ মৃত্যু হৈছে ৷ লগতে শিশুসহ আহত হৈছে কেবাজনো লোক ৷ আহত লোকসকলক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনকি মৃতদেহকেইটাকো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

আৰক্ষীয়ে জানিব দিয়া মতে, দুৰ্ঘটনাত পতিত হোৱা বাহনখন তীব্ৰবেগত গতি কৰি আছিল ৷ ইয়াৰ লগতে চালকজনৰো সম্ভৱত টোপনিৰ জালত আছিল ৷ যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ইফালে এই ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে কংগ্ৰেছ নেতা নৰেশ ভাৰ্মাইও সদৰ চিকিৎসালয়ত উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। আনহাতে চি পি আই (এম এল) নেতা ৰাজেশ সিনহাই ক্ষতিপূৰণৰ দাবী জনাইছে ।

লগতে পঢ়ক : আন্তৰ্জাতিক ফৌজদাৰী আদালতত বিচাৰ হ’ব পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত অপৰাধৰ

Last Updated : Nov 18, 2023, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.