ETV Bharat / international

আন্তৰ্জাতিক ফৌজদাৰী আদালতত বিচাৰ হ’ব পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত অপৰাধৰ

author img

By ANI

Published : Nov 18, 2023, 7:52 AM IST

পেলেষ্টাইনৰ বাবে আন্তৰ্জাতিক ফৌজদাৰী আদালতৰ কাষ চাপিল বিশ্বৰ কেবাখনো দেশ ৷ দক্ষিণ আফ্ৰিকা, বাংলাদেশ, বলিভিয়া, ক’মৰ’ছ আৰু জিবুটিয়ে যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ICC) ত দ্বাৰস্থ হৈ পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত হোৱা অপৰাধৰ তদন্তৰ আহ্বান জনাইছে । আনহাতে, যুদ্ধংদেহী স্থিতি ত্যাগ কৰা নাই ইজৰাইলে ৷

5 countries seek International Criminal Court probe into 'potential crimes' in Palestinian territories
আন্তৰ্জাতিক ফৌজদাৰী আদালতত বিচাৰ হ’ব পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত অপৰাধৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত হোৱা অপৰাধৰ তদন্তৰ আহ্বান জনাই আন্তৰ্জাতিক ফৌজদাৰী আদালতৰ কাষ চাপিল বিশ্বৰ কেবাখনো দেশ ৷ আন্তৰ্জাতিক ফৌজদাৰী আদালতত অভিযোগকাৰী কৰিম খানৰ উদ্ধৃতিৰে সংবাদ সংস্থা CNN এ প্ৰকাশ কৰা অনুসৰি দক্ষিণ আফ্ৰিকা, বাংলাদেশ, বলিভিয়া, ক’মৰ’ছ আৰু জিবুটিয়ে যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ICC) ৰ ওচৰত দ্বাৰস্থ হৈ তদন্তৰ আহ্বান জনাইছে ।

আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ অভিযোগকাৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ কাৰ্যালয়ে ইতিমধ্যে 2014 চনৰ জুন মাহৰ পৰা গাজা আৰু পশ্চিম পাৰত সংঘটিত হৈ অহা পৰিস্থিতি সন্দৰ্ভত 2021 চনৰ 3 মাৰ্চৰ পৰা তদন্ত আৰম্ভ কৰিছে ৷ CNN ৰ মতে, 2023 চনৰ 7 অক্টোবৰত সংঘটিত হোৱা আক্ৰমণৰ পিছত শেহতীয়াকৈ শত্ৰুতা আৰু হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ বিষয়টোকো এই তদন্তত সামৰি লোৱা হৈছে ।

ইফালে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে ঘোষণা কৰা অনুসৰি গাজা ষ্ট্ৰিপকে ধৰি য’তেই হামাছৰ সৈন্যৰ উপস্থিতি দেখিবলৈ পোৱা যায় ত’তেই আগবাঢ়ি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ইজৰাইলী সেনাক ।

হাগাৰীয়ে কয় যে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ ইচ্ছা অনুযায়ী এই কাম কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৷ 7 অক্টোবৰৰ পৰা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ মাজত মৃত্যুৰ সংখ্যা কমেও 372 পৰ্যন্ত হৈছে আৰু ইয়ে গাজা ষ্ট্ৰীপৰ দক্ষিণ অংশত সম্ভাৱ্য স্থল আক্ৰমণৰ ইংগিত স্পষ্ট কৰি তুলিছে ৷

ইতিমধ্যে ইজৰাইলৰ নেতাসকলে গাজা চহৰকে ধৰি গাজাৰ উত্তৰ অংশ অধিগ্ৰহণ কৰিছে । গাজাৰ দক্ষিণ অংশৰ খান ইউনিছৰ সমীপৰ সম্প্ৰদায়সমূহলৈ এখন প্ৰচাৰ পত্ৰিকাত প্ৰদান কৰি বাসিন্দাসকলক “জ্ঞাত আশ্ৰয় শিবিৰৰ ফালে আগবাঢ়ি যাবলৈ” পৰামৰ্শ প্ৰদান কৰিছে ৷ এনে নিৰ্দেশনাই স্থল আক্ৰমণৰ আশংকা স্পষ্ট কৰিছে ৷

CNN ৰ বাতৰি অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে এই স্থল অভিযান “বহু মাহৰ বাবে চলিব আৰু ইয়াত গাজা ষ্ট্ৰিপৰ উত্তৰ আৰু দক্ষিণ দুয়োটা অংশ অন্তৰ্ভুক্ত কৰা হ’ব” বুলিও ইতিমধ্যে ঘোষণা কৰিছে ।

লগতে পঢ়ক: Shifa Hospital of Gaza : গাজাৰ শ্বিফা চিকিৎসালয় দখল ইজৰাইলী সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.