অসম

assam

বালি মাফিয়াৰ দপদপনিত অতিষ্ঠ বেঁকীপৰীয়া ৰাইজ, জনতাৰ জীৱনলৈ মৃত্যুৰ ভাবুকি

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:32 PM IST

বালি মাফিয়াৰ দপদপনিত অতিষ্ঠ বেঁকীপৰীয়া ৰাইজ

জনীয়া, 12 ডিচেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ চলচলিয়া-কুৰোবাহাত বালি মাফিয়াৰ দপদপনিত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ । দৈনিক প্ৰকাণ্ড প্ৰকাণ্ড এক্সকেভেটৰেৰে বেঁকী নৈৰ বুকুত খনন চলাই শ শ ডাম্পাৰ, ট্ৰেক্টৰেৰে বহিঃৰাজ্যলৈ শিল-বালি সৰবৰাহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে একাংশ বালি মাফিয়াৰ বিৰুদ্ধে ৷ 

ফলত এতিয়া বালি মাফিয়াই নৈত এনেদৰে চলোৱা অবাধ খনন কাৰ্যই সাধাৰণ ৰাইজৰ জীৱনলৈ কঢ়িয়াই আনিছে মৃত্যুৰ ভাবুকি। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, নৈখনৰ বুকুত অবৈধভাৱে খনন কাৰ্য চলাই থকাৰ বাবেই নৈৰ গতিপথ সলনি হোৱাত আগন্তুক সময়ত অঞ্চলটো ব্যাপক গৰাখহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা আছে ৷

ইতিমধ্যেই বেঁকী নৈৰ খননৰ ফলত চলিত বৰ্ষত একাংশ চৰকাৰী বিদ্যালয়, খেতি-মাটি নৈৰ বুকুত হেৰুৱাই সৰ্বস্বান্ত হ’বলগীয়া হৈছে গাঁৱৰ একাংশ লোক ৷ এই সন্দৰ্ভত স্থানীয় ৰাইজে জিলা সৰভোগ বন সংমণ্ডল বিভাগৰ বিষয়াক অভিযোগ উত্থাপন কৰিছে ৷ ৰাইজৰ জীৱন আৰু কুৰোবাহা চৰ প্ৰাথমিক বিদ্যালয়ৰ নিৰাপত্তাৰ স্বাৰ্থত সৰভোগ বন বিভাগৰ কাৰ্যবাহীক উক্ত ঘটনাৰ তদন্ত কৰাৰ লগতে অবৈধ খনন কাৰ্য বন্ধ কৰাৰ বাবে অনুৰোধ জনাইছে গাঁওখনৰ ভুক্তভোগী বেঁকী নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক:ভেটাপাৰাত নিশা গাত কেৰাচিন ঢালি আত্মহত্যা এজনৰ

ABOUT THE AUTHOR

...view details