ভেটাপাৰাত নিশা গাত কেৰাচিন ঢালি আত্মহত্যা এজনৰ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:06 PM IST

thumbnail

গুৱাহাটী,১০ ডিচেম্বৰ: মহানগৰীৰ ভেটাপাৰাৰ নিশা চাঞ্চল্যকৰ ঘটনা । গাত কেৰাচিন তেল ঢালি আত্মহত্যা এজন লোকৰ ৷ ভেটাপাৰা দলঙৰ সমীপৰ জিলমিল নগৰত সংঘটিত হৈছে এই ঘটনা । লোকজন পেচাত অটোভানৰ চালক বুলি জানিবপৰা গৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি শনিবাৰে নিশা প্ৰায় ৯ মান বজাত লোকজনে AS01JC2546 নম্বৰৰ অটোভানত আহি গাত কেৰাচিন তেল ঢালি আত্মহত্যা কৰে ।  

স্থানীয় লোকে এই দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও লোকজনৰ মৃত্যু হয় । লোকজন ভেটাপাৰাৰ আমিনুল ইছলাম বুলি স্থানীয় ৰাইজে চিনাক্ত কৰে । এই ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যকৰ । আত্মহত্যা বুলি ধাৰণা কৰা হৈছে যদিও একাংশই এয়া এক হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰে । পিছে এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈ কোনো তথ্য পোহৰলৈ অহা নাই । যদিহে আত্মহত্যা তেনেহ'লে কি কাৰণত এই চৰম পন্থা বাছি ললে সেয়া এক ৰহস্যৰ বিষয় । আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ।  

লগতে পঢ়ক: মৰিগাঁৱত জ্বলিল কপিল ছিবাল, ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.