ETV Bharat / state

মৰিগাঁৱত জ্বলিল কপিল ছিবাল, ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:58 AM IST

উচ্চতম ন্যায়ালয়ত অধিবক্তা কপিল ছিবাল আৰু ইন্দিৰা জয় সিঙৰ বক্তব্যক লৈ উত্তাল ৰাজ্য ৷ সমগ্ৰ অসমৰ লগতে মৰিগাঁৱতো প্ৰতিবাদ ৷ খিলঞ্জীয়া নাথ পৰিষদ, খিলঞ্জীয়া হীৰা পৰিষদ আৰু খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে অসম সন্মিলিত মহাসংঘৰ সমৰ্থনত অধিবক্তা কপিল ছিবাল, ইন্দিৰা জয়সিঙৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Protest in Morigaon) ৷

Kapil Sibal and Indira Jaising effigy burnt in Morigaon
প্ৰতিবাদী কণ্ঠই কঁপাই তুলিলে মৰিগাঁৱৰ ৰাজপথ

প্ৰতিবাদী কণ্ঠই কঁপাই তুলিলে মৰিগাঁৱৰ ৰাজপথ

মৰিগাঁও, ১০ ডিচেম্বৰ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদী কণ্ঠই কঁপাই তুলিলে মৰিগাঁৱৰ ৰাজপথ ৷ শনিবাৰে মৰিগাঁও চহৰত খিলঞ্জীয়া নাথ পৰিষদ, খিলঞ্জীয়া হীৰা পৰিষদ আৰু খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে যুটীয়াভাৱে অসম সন্মিলিত মহাসংঘৰ সমৰ্থনত অধিবক্তা কপিল ছিবালৰ আৰু অধিবক্তা ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

অধিবক্তা ছিবালে উচ্চতম ন্যায়ালয়ত যোৱা ৭ ডিচেম্বৰত বুৰঞ্জী বিকৃত কৰি অসমক ম্যানমাৰৰ অংগ বুলি দাবী কৰিছিল ৷ লগতে ১৯৭১ চনলৈ অবৈধ বিদেশী ৰখাৰ পক্ষত থিয় দিছিল তেওঁ । অসমৰ প্ৰতি থকা একাংশ লোকৰ যি ঘৃণাৰ দৃষ্টি, সেই কথা ছিবালে ইয়াৰ জৰিয়তে আকৌ এবাৰ প্ৰতিপন্ন কৰিলে । ছিবালক অসমৰ শত্ৰু বুলি অভিহিত কৰি তীব্ৰ নিন্দা কৰে সংগঠন তিনিটাই ।

Kapil Sibal and Indira Jaising effigy burnt in Morigaon
মৰিগাঁৱত প্ৰতিবাদ

আনহাতে, আমছুৰ অধিবক্তা ইন্দিৰা জয় সিঙে উচ্চতম ন্যায়ালয়ত ৭ ডিচেম্বৰত আই এম ডি টি আইন বাতিল কৰি উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ ১২ জুলাইত অসমলৈ অহা অবৈধ বিদেশীবোৰক নীৰৱ আগ্ৰাসনকাৰী আৰু আভ্যন্তৰীণ বিশৃঙ্খলা সৃষ্টিকাৰী লোক বুলি অভিহিত কৰিছিল ৷ লগতে বিদেশীক ৰক্ষণাবেক্ষণ দি অসমত ৰখা উচিত বুলি কৈছিল । অধিবক্তা ইন্দিৰা জয় সিঙক অসমৰ শত্ৰু বুলি অভিহিত কৰি সংগঠন তিনিটাই দাবী কৰে ।

শনিবাৰে মৰিগাঁৱৰ ৰাজপথত প্ৰতিকৃতি দাহ কৰি কপিল ছিবাল মুৰ্দাবাদ, ইন্দিৰা জয় সিং হুঁচিয়াৰ, অসমৰ প্ৰতি কু-দৃষ্টি দিয়া বন্ধ কৰক, অসমত সংবিধান অনুসৰি বিদেশীৰ ভিত্তি বছৰ ১৯৫১ হ'বই লাগিব, অসমত বিদেশীৰ ভিত্তি বছৰ ১৯৫১ ৰ বিপৰীতে আন তাৰিখ দি অসমক উপনিবেশ বুলি প্ৰতিপন্ন নকৰিব, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, উচ্চতম ন্যায়ালয়ে অসমক সাংবিধানিক ন্যায়, সম মৰ্যাদা দিবই লাগিব ইত্যাদি চৰকাৰ বিৰোধী শ্ল’গান দি উত্তাল কৰি তোলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ কাৰ্যকৰী সভাপতি তুলসী নাথ, সম্পাদক উজ্জ্বল নাথ, সদৌ অসম খিলঞ্জীয়া হীৰা পৰিষদৰ সম্পাদক ললিত হীৰা, খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজবাবা অসম, বীৰ লাচিত সেনাৰ মৰিগাঁও জিলা সচিব দ্বীপমনি হীৰা, কেন্দ্ৰীয় কাৰ্যনিবাহক কমল মেধিকে কেবাগৰাকী জাতীয় সংগঠনৰ নেতৃত্বই সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক : অসমক ব্ৰহ্মদেশৰ অংগ সজোৱা কপিল ছিবালৰ ভৌগোলিক জ্ঞান শূন্য: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.