অসম

assam

Illegal sand mining: বুঢ়ীদিহিঙত অবাধে চলিছে অবৈধ বালি খনন

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:32 PM IST

বুঢ়ীদিহিঙত অবাধে চলিছে অবৈধ বালি খনন

ডিব্ৰুগড়,২৮ অক্টোবৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আছিল কোনেও ৰাজ্যত অবৈধ কাম-কাজ কৰিব নোৱাৰিব । মুখ্যমন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশ যেন এতিয়া গুৰুত্ব নোহোৱা হ'ল । কিয়নো বন বিভাগৰ অজ্ঞাতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বুঢ়ীদিহিং নদীত অবৈধভাৱে চলি আছে বালি খনন । খোৱাঙৰ দীঘলীয়া হোলাত এচকেভেটৰেৰে বালি মাফিয়াই চলাইছে দিনে নিশাই খনন । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দীঘলীয়া হোলাত বালি মহলৰ বাবে প্ৰতি বছৰে বন বিভাগে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰে যদিও বালি মাফিয়া সকলে কোনো ধৰণৰ টেণ্ডাৰত জড়িত নহৈ অবৈধভাৱে চলায় বালি খনন ।  

যাৰ বাবে লাখ লাখ টকা ৰাজহ হেৰুৱাব লগা হয় চৰকাৰে । ইফালে বালি মাফিয়াই যে দীঘলীয়া হোলাত অবৈধভাৱে বালি খনন কৰি আছে, সেই কথা গমেই নাপায় খোৱাং আঞ্চলিক বন বিভাগে । একাংশৰ অভিযোগ বন বিভাগৰ বিষয়াৰ সৈতে মিতিৰালি কৰি এইদৰে অবৈধভাৱে বালি খনন কৰিছে । এই বুঢ়ীদিহিং নদীত অবৈধ বালি খননৰ ফলত কাষত থকা মথাউৰিৰ প্ৰতিও ভাবুকি আহিছে মথাউৰি খহাই দৈনিক ২০-২৫ খন গাড়ীয়ে অহৰহ কঢ়িয়াই আছে বালি । বালি মাফিয়াৰ এই দৌৰাত্ম্য শীঘ্ৰে বন্ধ কৰিবলৈ বন বিভাগ আৰু জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:Tea estate labourers hold protest: প্ৰাপ্য বিচাৰিও যেতিয়া কৰিবলগীয়া হয় প্ৰতিবাদ

ABOUT THE AUTHOR

...view details