অসম

assam

Vishwakarma Puja:বিশ্বকৰ্মা পূজাক লৈ উৎসৱ মুখৰ পৰিৱেশ; মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত প্ৰতিমাৰ খনিকৰসকল

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:43 PM IST

বিশ্বকৰ্মা পূজাক লৈ চলিছে ব্যাপক আয়োজন

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ :বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিশ্বকৰ্মা পূজাক লৈ চলিছে ব্যাপক আয়োজন । বিশ্বকৰ্মা পূজাক লৈ মৃণ্ময় শিল্পীসকলৰ মাজতো যেন ব্যস্ততাৰ অন্ত নাই । বিশ্বখনিকৰৰ প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত মৃণ্ময় শিল্পীসকল । মৃণ্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে প্ৰতিমাৰ খনিকৰসকল ।

গুৱাহাটীৰ বিভিন্ন স্থানৰ লগতে বীৰকুচিস্থিত মা অজন্তা শিল্পালয় নামৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰা প্ৰতিষ্ঠানখনৰ শিল্পীসকল বহু বছৰ ধৰি মূৰ্তি নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে । অনন্ত পাল নামৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰা শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, পূৰ্বৰ তুলনাত প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা কেঁচামাল তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিকতে প্ৰতিমাসমূহৰ দামো কিছু পৰিমাণে বৃদ্ধি পাইছে । সেই অনুসৰি ১ হাজাৰ টকাৰ পৰা ৬ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে মৃণ্ময় মূৰ্তিসমূহৰ মূল্য ।এতিয়ালৈ প্ৰায় ডেৰশ বিশ্বকৰ্মাৰ প্ৰতিমা বিক্ৰীৰ বাবে সাজু কৰি উলিয়াইছে তেওঁলোকে ।

লগতে পঢ়ক :Vishwakarma Puja:পূৰ্ণ গতিৰে চলিছে জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details