Vishwakarma Puja:পূৰ্ণ গতিৰে চলিছে জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:18 PM IST

thumbnail

জোনাই, 15 ছেপ্টেম্বৰ : সমাগত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা । বিশ্বকৰ্মা পূজালৈ মাজত মাথোঁ এটা দিন বাকী ৷ 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পাতিবলৈ ৰাজ্যজুৰি চলিছে আয়োজন । দিনে নিশাই মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল ।

জোনাইতো দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি ৷ জোনাই মহকুমাৰ একমাত্ৰ ৰুকচিনস্থিত মৃত শিল্পী কেন্দ্ৰটোত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে কেইবাগৰাকীও শিল্পী ৷ আটক ধুনীয়াকৈ বিশ্বকৰ্মাৰ মূৰ্তি সাজি উলিয়াইছে তেওঁলোকে ।

মৃণ্ময় শিল্পী এগৰাকীয়ে জানিবলৈ দিয়া মতে, এইবৰ্ষত বিশ্বকৰ্মা পূজা উপলক্ষে সৰু ডাঙৰ মিলাই প্ৰায় ৪০ টাৰো অধিক বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে । লাচিত নগৰৰ এগৰাকী মৃণ্ময় শিল্পীয়ে জনোৱা অনুসৰি, ক’ভিডৰ সময়তকৈ কিছু ভাল হৈছে যদিও বিগত বছৰতকৈ এই বছৰত জোনাইত বিভিন্ন পূজা সমিতিসমূহৰ পৰা তেওঁলোকে কমকৈ মূৰ্তি নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰিছে । ২ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৪ হাজাৰ টকা পৰ্যন্ত মূল্য নিৰ্ধাৰণ কৰা হৈছে মূৰ্তিসমূহৰ । বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল ৷

লগতে পঢ়ক : NDFB Martyrs Day Observed : জোনাইৰ শিলিখাগুৰীত এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.