ETV Bharat / state

NDFB Martyrs Day Observed : জোনাইৰ শিলিখাগুৰীত এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:19 PM IST

NDFB Martyrs Day Observed
এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস

বৃহস্পতিবাৰে এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত হয় এই শ্বহীদ দিৱস ৷

এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস পালন

জোনাই, 14 ছেপ্টেম্বৰ : প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে এনডিএফবিৰ 35 সংখ্যক শ্বহীদ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ পুৱা 9 বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়োৱে ৷ পুৱা 9.30 বজাত শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সদস্য খাচেন্দ্ৰজিৎ বসুমতাৰীয়ে ৷ ইয়াৰ পিছতে গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হয় ৷

দুপৰীয়া 12 বজাৰ পৰা জিলা সভাপতি প্ৰফুল্ল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ বসুমতাৰীয়ে ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰীয়ে কয় যে, বড়ো জনগোষ্ঠীৰ স্ব-অধিকাৰৰ হকে তথা পৃথক বড়োলেণ্ডৰ দাবীত এসময়ত হাতত অস্ত্ৰ তুলি লৈ সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰাক্তন এনডিএফবিয়ে বিভিন্ন প্ৰান্তত 35 সংখ্যক শ্বহীদ দিৱস পালন কৰিছে ৷

বড়ো জাতিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ অশেষ কষ্ট, ত্যাগ কৰি মৃত্যুক সাৱটি লোৱা সেই সকল শ্বহীদৰ মহান ত্যাগক পাহৰি যোৱা উচিত নহয় বুলি বক্তব্য ৰাখি শ্বহীদ সকলৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন সমৃদ্ধিশালী আৰু কৰ্ম-সংস্কৃতিৱান সমাজ নিৰ্মাণৰ সকলোকে আহ্বান জনাই তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত প্ৰাক্তন এনডিএফবিৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায় ৷

সভাত নিৰ্দিষ্ট বক্তা হিচাবে ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰীয়ে কয় যে, বড়ো সকলৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যি সকল এনডিএফবি সদস্যই প্ৰাণ আহুতি দিলে, সেই শ্বহীদ সকলৰ জাতীয় প্ৰেম আৰু ত্যাগৰ বিনিময়ত আজিৰ বড়ো সমাজে এই অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সকলোকে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হৈ জাতিৰ উন্নয়নৰ বাবে আগবাঢ়ি যাব লাগিব বুলি কয় ৷

মুকলি সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলীপ বসুমতাৰী, জোনাই প্ৰাথমিক সমিতিৰ সভাপতি চম্পল নাৰ্জাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গৌড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী, আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মিনু নাৰ্জাৰী প্ৰমুখ্যে কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে ৷

লগতে পঢ়ক: NDFB Martyrs Day Observed : বাক্সা জিলাৰ বৰমাত প্ৰাক্তন এন ডি এফ বিৰ 35 সংখ্যক 'শ্বহীদ দিৱস' পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.