ETV Bharat / state

NDFB Martyrs Day Observed : বাক্সা জিলাৰ বৰমাত প্ৰাক্তন এন ডি এফ বিৰ 35 সংখ্যক 'শ্বহীদ দিৱস' পালন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:04 PM IST

Ex NDFB Observed Martyrs Day at Barama in Baksa
প্ৰাক্তন এন ডি এফ বিৰ শ্বহীদ দিৱস

বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ উদ্যোগত এন ডি এফ বিৰ শ্বহীদ সকলৰ স্মৃতিত 35 সংখ্যক শ্বহীদ দিৱস পালন ৷ পুৱা পতাকা উত্তোলন কৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতি বি ব্ৰহ্মই ৷

প্ৰাক্তন এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

বাক্সা, 14 ছেপ্টেম্বৰ : বাক্সা জিলাৰ বৰমাত বৃহস্পতিবাৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ উদ্যোগত এন ডি এফ বিৰ শ্বহীদ সকলৰ স্মৃতিত 35 সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হোৱা শ্বহীদ দিৱসত পুৱা পতাকা উত্তোলন কৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতি বি ব্ৰহ্মই ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে এন ডি এফ বিৰ প্ৰাক্তন সদস্য বি অৰ্শীয়ে ৷

এই অনুষ্ঠানত প্ৰাক্তন এন ডি এফ বিৰ সকলো সদস্যই শ্বহীদৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷ 35 সংখ্যক শ্বহীদ দিৱসত প্ৰাক্তন এনডিএফবিৰ সদস্য তথা বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতিয়ে জানিবলৈ দিয়ে যে তেওঁলোক প্ৰাপ্য অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আছে ৷ বিটিআৰ চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবিৰ সদস্য সকলক কাৰাগাৰৰ পৰা এৰি দিব লাগে যদিও এতিয়ালৈকে বহু প্ৰাক্তন কেডাৰ কাৰাগাৰতেই আবদ্ধ হৈ আছে ৷ চুক্তি অনুসৰি শ্বহীদ পৰিয়ালৰ পাবলগীয়া পাঁচ লাখ টকা এতিয়াও চৰকাৰে বহন কৰা নাই বুলিও অভিযোগ কৰে তেওঁ ৷

যিসকল প্ৰাক্তন এনডিএফবি সদস্যই চাৰি লাখকৈ পোৱা নাই তেওলোকক শীঘ্ৰেই এই টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী কৰে তেওঁ ৷ বিটিআৰ চুক্তি অনুসৰি এনডিএফবি সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী জনায় প্ৰাক্তন এনডিএফবিৰ নেতাজনে ৷ প্ৰাক্তন এনডিএফবি সকলক পৰ্যায়ক্ৰমে সংস্থাপনৰ লগতে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লব লাগে বুলিও দাবী উত্থাপন কৰে বাক্সা জিলা প্ৰাক্তন এনডিএফবিৰ সভাপতি বি ব্ৰহ্মই ৷

লগতে পঢ়ক : Drinking water problem: ঢুকি পোৱা নাই জল জীৱন মিছনে; ঘোলা পানীৰে তৃষ্ণা দূৰৰ চেষ্টা গঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.