ETV Bharat / state

Drinking water problem: ঢুকি পোৱা নাই জল জীৱন মিছনে; ঘোলা পানীৰে তৃষ্ণা দূৰৰ চেষ্টা গঞাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 2:26 PM IST

Drinking water problem
বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জোনাইবাসী

এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জোনাইৰ কেইবাটাও অঞ্চলৰ ৰাইজৰ ৷ ধোঁৱা চাঙত জল জীৱন মিছন আঁচনি ৷

বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জোনাইবাসী

জোনাই, ১৪ ছেপ্টেম্বৰ : চৰকাৰে আহে আৰু যায় ৷ কিন্তু নিৰ্বাচনৰ সময়ত ৰাইজৰ পৰা ভোট বিচাৰি জনতাৰ কাষত দিয়া প্ৰতিশ্ৰুতিবোৰ মাথোঁ ৰৈ যায় । দেশৰ চুকে-কোণে প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা জল জীৱন মিছন আঁচনি ধোঁৱা চাঙত উঠিছে ধেমাজি জিলাৰ জোনাইত ৷ এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত আজিও জোনাইৰ কেইবাটাও অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ।

জোনাইৰ বেৰা চাপৰি অঞ্চলৰ টাৰিবস্তি গাঁৱৰ অৱস্থা তেনেই তথৈবছ । আদিম যুগৰ দৰে বালিচৰত গাঁত খান্দি বছৰ বছৰ ধৰি প্ৰায় ১০ টাৰো অধিক পৰিয়ালে সেৱন কৰি আহিছে বৰবিহ স্বৰূপ লেতেৰা ঘোলাপানী । গাঁৱখনৰ পৰা মাত্ৰ ২০০ মিটাৰ আঁতৰত নিৰ্মাণ কৰা হৈছে এটা অভিলাসী জল জীৱন মিছন আঁচনি । কিন্তু আঁচনিখনৰ নিচেই কাষতে থকা এই গাঁৱখনে পোৱা নাই এই আঁচনিৰ সুবিধা ।

আনহাতে, জোনাইৰ ৰায়াং শান্তিপুৰ গাঁৱতো একেই অৱস্থা ৷ বছৰ বছৰ ধৰি খৰালি-বাৰিষা দুটা সময়তে ৰাইজে খাই আহিছে পাহাৰৰ পৰা বৈ অহা ৰায়াং নদীৰ বুকুৰ কুঁৱা সদৃশ গাঁতৰ লেতেৰা পানী । গা-ধোৱা, বাচন বৰ্তন, কাপোৰ কানি ধোৱা আদি কামৰ লগতে জীৱ-জন্তুৱে সেৱন কৰে সেই একেখিনি পানীকে ৷

ফলত বিভিন্ন সময়ত বহু ৰোগত আক্ৰন্ত হৈ আহিছে শান্তিপুৰ গাঁৱৰ প্ৰায় শতাধিক ঘৰৰ পৰিয়াল । এইক্ষেত্ৰত অঞ্চলকেইটাৰ ৰাইজে বহুবাৰ জনপ্ৰতিনিধিক আবেদন নিবেদন কৰি আহিছে ৷ কিন্তু আজিও ইয়াৰ কোনো সুদোত্তৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চল কেইটাৰ ৰাইজে ।

উল্লেখ্য যে, জোনাইৰ বহু অঞ্চলত আজিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে শ শ পৰিয়াল লোক ৷ সকলোৱে আশা কৰিছিল জলজীৱন মিচন আঁচনিৰ জৰিয়তে লাভ কৰিব বিশুদ্ধ খোৱাপানীটুপি ৷ কিন্তু বোকাখাত জনস্বাস্থ্য বিভিাগৰ অভিযন্তা, ঠিকাদাৰৰ মিতিৰালিত সেই আশা পূৰণ নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ‌ ।

জোনাই সমষ্টিৰ বিভিন্ন অঞ্চলসমূহত স্থাপন কৰা জল জীৱন মিছন আঁচনিৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Drinking water problem : বহুবল্কি নেতা ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিক ঢুকি পোৱা নাই জল জীৱন মিছন আঁচনিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.