Drinking water problem : বহুবল্কি নেতা ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিক ঢুকি পোৱা নাই জল জীৱন মিছন আঁচনিয়ে

By

Published : Aug 11, 2023, 3:45 PM IST

Updated : Aug 11, 2023, 5:27 PM IST

thumbnail

যোৰহাট, 11 আগষ্ট : ঘৰে ঘৰে খোৱা বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে অভিলাষী জল জীৱন মিছন আঁচনি ৷ কিন্তু আঁচনিত কোৱাৰ দৰেই চুক-কোণ ঢুকি পোৱা নাই এই আঁচনিয়ে ৷ বিশুদ্ধ খোৱাপানী বিচাৰি এক প্ৰকাৰে হাহাকাৰ কৰিব লগা হৈছে মৰিয়নীৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে ।

জল জীৱন মিচন আঁচনি বাবে চৰকাৰে কোটি কোটি টকা আৱন্টন দিয়াৰ পিচতো জান-জুৰিৰ অপৰিস্কাৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে মৰিয়নীৰ নিউ সোণোৱাল চাহ বাগিছাৰ ৰাইজে । নগা পাহাৰৰ পৰা বৈ অহা এখন জানৰ পৰা বহু কষ্টৰে খোৱাপানী সংগ্ৰহ কৰি আহিছে নিউ সোণোৱাল বাগিছাৰ ৰাইজে ৷

এই কদৰ্যময় পৰিৱেশৰ পৰা খোৱাপানী সংগ্ৰহ কৰা অপৰিস্কাৰ পানী ব্যৱহাৰ কৰাৰ ফলত অঞ্চলটোৰ অধিকাংশ ৰাইজৰে হৈছে চৰ্ম ৰোগ ৷ আনকি বহুতে পেটৰ সমস্যাটো ভুগিব লগাত পৰিছে ৷ এয়াই মৰিয়নী সমষ্টিৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজ জীয়াই থকাৰ জীৱন সংগ্ৰামৰ জীয়া ছবি ।

উল্লেখ্য যে, জনতাক সেৱা কৰাৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শাসকীয় দলৰ বিধায়ক হোৱাৰ পাচতো কুৰ্মীয়ে নিজ সমষ্টিৰ উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ ৰাইজৰ ৷ বহুবল্কি হিচাপে নামজ্বলা বিধায়ক কুৰ্মীয়ে প্ৰতিনিধিত্ব কৰা এইসকল ৰাইজে পাবনে এটুপি বিশুদ্ধ পানী ?

ৰাইজৰ দুদৰ্শালৈ মন দিব নে বিধায়কে ? নে এইদৰেই বীজাণু মিহলি অশুদ্ধ পানীৰে গুচাব লাগিব পিঁয়াহ ? 

লগতে পঢ়ক : 

Last Updated : Aug 11, 2023, 5:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.