অসম

assam

দুই ভাতৃক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:05 AM IST

দুই ভাতৃক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে

ধুবুৰী, 4 জানুৱাৰী : ড্ৰাগছৰ গোচৰৰ ভিত্তিত দুই ভাতৃক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে ৷ বুধবাৰে ধুবুৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ।

2022 চনত ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষীয়ে ধুবুৰী সদৰ আৰক্ষী থানাৰ ইন্দিৰা গান্ধী পথৰ 13 নং ৱাৰ্ডৰ ৰহিম উদ্দিন আহমেদৰ দুই পুত্ৰ ক্ৰমে গুলজাৰ উদ্দিন আহমেদ ওৰফে ৰাজু আৰু গফুৰ উদ্দিন ওৰফে ৰাকেশ নামৰ দুই ভাতৃক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ তাৰ পিচতে দুই ভাতৃৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত 363/22 নম্বৰত গোচৰ ৰুজু কৰি ধুবুৰী আদালতত হাজিৰ কৰোৱা হৈছিল ৷ প্ৰায় এটা বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পিচত বুধবাৰে ধুবুৰী আদালতে দুই ভাতৃক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ উপৰিও অতিৰিক্তভাৱে এক লাখ টকাকৈ জৰিমনা বিহে । 

দুই ভাতৃয়ে জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব বুলি উল্লেখ কৰে চৰকাৰী পক্ষৰ অধিবক্তা দীনেশ চৌধুৰীয়ে । অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চৈয়দ বুৰহানুৰ ৰহমানৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ৷

লগতে পঢ়ক :এবছৰত ৬০ হাজাৰতকৈ অধিক অপৰাধজনিত ঘটনা অসমত

ABOUT THE AUTHOR

...view details