ETV Bharat / state

এবছৰত ৬০ হাজাৰতকৈ অধিক অপৰাধজনিত ঘটনা অসমত

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:34 PM IST

ভাল যিমান হয়, বেয়া যেন তাতকৈ দুগুণ হয় ৷ ভালো হয় চাগে, প্ৰচাৰ কিন্তু বেয়াৰহে বেছি হয় ৷ চাওচোন আহক বিগত বৰ্ষটোত কিমান অপৰাধমূলক ঘটনা সংঘটিত হ’ল-

Number of criminal incidents committed in Assam in 2023
অপৰাধমূলক ঘটনা

গুৱাহাটী, ৩ জানুৱাৰী : কল্পনা কৰিব নোৱৰা ধৰণে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ এনেকুৱা এটা দিনো পাৰ নহয় চাগে, যিদিনা সংঘটিত হয় অপৰাধমূলক ঘটনা ৷ প্ৰতিটো দিনতেই ৰাজ্যৰ চুকে-কোণে দিনে-ৰাতিয়ে সংঘটিত হৈ থাকে যিকোনো ধৰণৰ অপৰাধজনিত ঘটনা ৷ জানি আচৰিত হ’ব যে, বিগত বৰ্ষটোত ৰাজ্যত সংঘটিত হৈছে প্ৰায় ৬০ হাজাৰতকৈ অধিক অপৰাধমূলক ঘটনা ৷

বিগত বৰ্ষটোত হিংসা, হত্যা, ধৰ্ষণ, অপহৰণকে আদি ধৰি বিভিন্ন ধৰণৰ অপৰাধে জোকাৰি গৈছে ৰাজ্য । সমীক্ষাৰ অন্তত জানিব পৰা গৈছে যে, ২০২৩ বৰ্ষত ৰাজ্যত সংঘটিত হৈছে প্ৰায় ৬০ হাজাৰতকৈ অধিক অপৰাধমূলক ঘটনা ।

আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, বিগত বৰ্ষৰ অক্টোবৰলৈ ৰাজ্যত ৫৬,২০২ টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে । অক্টোবৰলৈ সংঘটিত হোৱা ঘটনাসমূহৰ ভিতৰত ৭৪৫৩ টা ঘটনা মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছে । ইয়াৰে মাজত শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে ৬১৭১ টা । এই ৬১৭১ টা শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ভিতৰত ৫৩৭০ টা বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে ।

আৰক্ষীৰ অপৰাধ নিৰ্মূলকৰণ অভিযানৰ পিচতো ৰাজ্যত ২৬৯৯ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে । সকলোকে ভাবিবলৈ বাধ্য কৰোৱাকে ৮২৯ টা হত্যাকাণ্ড সংঘটিত হৈছে । আনহাতে প্ৰাপ্ত তথ্য অনুসৰি, ২০২২ ত ৰাজ্যত ৬৮,৯৩৭ টা, ২০২১ ত ১,৩৩,২৩৯ টা, ২০২০ ত ১২১,৬০৯ টা অপৰাধমূলক ঘটনা সংঘটিত হৈছিল ।

আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, বিগত বৰ্ষটোত অক্টোবৰলৈ ৫৬,২০২ টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে । সেই অনুসৰি ৰাজ্যত প্ৰতি মাহে গড়ে ৫,৬২০ টাকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈছে । সেই অনুসৰি বিদায়ী বৰ্ষটোৰ ডিচেম্বৰলৈ ৬০ হাজাৰতকৈ অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে ।

লগতে আৰক্ষী সূত্ৰটোৱে প্ৰকাশ কৰে যে, বিগত বছৰবোৰৰ তুলনাত বিদায়ী বৰ্ষটোত ৰাজ্যত অপৰাধমূলক ঘটনা হ্ৰাস পাইছে । নৱবৰ্ষত ৰাজ্যত অপৰাধমূলক ঘটনা হ্ৰাস পাব বুলি আশা কৰিব পাৰি, কিয়নো অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : এন চি আৰ বিৰ বিস্ফোৰত তথ্য, দেশত বৃদ্ধি পাইছে আৰ্থিক অপৰাধজনিত ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.