ETV Bharat / bharat

এন চি আৰ বিৰ বিস্ফোৰত তথ্য, দেশত বৃদ্ধি পাইছে আৰ্থিক অপৰাধজনিত ঘটনা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 2:17 PM IST

দিনক দিনে সমগ্ৰ দেশতে বৃদ্ধি পাইছে অৰ্থিক অপৰাধজনিত ঘটনা ৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো চুমকৈ এন চি আৰ বি এয়ে প্ৰকাশ কৰা প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ আৰ্থিক অপৰাধত মুম্বাইৰ পাচতে স্থান লাভ কৰিছে হায়দৰাবাদে ৷ চাইবাৰ অপৰাধৰ ঘটনাৰ প্ৰথম স্থানত আছে বাংগালুৰু ৷

Rise in cyber crime in Hyderabad
দেশত বৃদ্ধি পাইছে অৰ্থিক অপৰাধজনিত ঘটনা

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : দিনক দিনে সমগ্ৰ দেশতে বৃদ্ধি পাইছে অৰ্থিক অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো চুমকৈ এন চি আৰ বিয়ে প্ৰকাশ কৰা প্ৰতিবেদনত পোহৰলৈ আহিছে এই কথা ৷ এন চি আৰ বিৰ শেহতীয়া প্রতিবেদনত কোৱা হৈছে যে, আর্থিক অপৰাধজনিত ঘটনা মুম্বাইৰ পাচতে আছে হায়দৰাবাদৰ স্থান ৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, 2022 চনত আর্থিক অপৰাধজনিত ঘটনাৰ মুম্বাইত 6,960 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে হায়দৰাবাদত 6,015 টা গোচৰ ৰুজু কৰা হৈছিল ৷

ইফালে, চাইবাৰ অপৰাধৰ ঘটনাৰ প্ৰথম স্থানত আছে বাংগালুৰু ৷ মুঠ 9,940 টা চাইবাৰ অপৰাধৰ ঘটনাৰ সংঘটিত হৈছে বাংগালুৰুত ৷ বিপৰীতে মুম্বাইত 4,724 টা আৰু হায়দৰাবাদ 4,436 টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে হায়দৰাবাদতে চাইবাৰ অপৰাধীয়ে, ইলেক্ট্ৰনিক ডিভাইচ ব্যৱহাৰৰ জৰিয়তে 3,719 টা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰিছে । 198 টা এটি এম জালিয়াতি, 2,456 টা অনলাইন বেংকিং জালিয়াতি আৰু 667 টা অ’ টি পি জালিয়াতি দৰে ঘটনা সংঘটিত হৈছে ৷ 189টা মহিলা আৰু শিশুসকলক যৌন নিৰ্যাতনৰ গোচৰৰ আৰু 171 টা ব্লেকমেইলিঙৰ কাণ্ড সংঘটিত হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা আছে ৷

এন চি আৰ বিৰ ডাটাৰ 2022ত প্ৰকাশ পাইছে যে, হায়দৰাবাদৰ 90 শতাংশ আৰ্থিক অপৰাধ জালিয়াতি আৰু বিশ্বাসঘাতকতাৰ ঘটনা সংঘটিত হৈছে । প্ৰতিবেদনত এইটো কোৱা হৈছে যে, পঞ্জীয়নভুক্ত গোচৰৰ ভিতৰত 2,956 টা গোচৰৰ কোনো প্ৰমাণ পোৱা নগ’ল । ইয়াৰে বিগত বৰ্ষত 1,328 টা গোচৰত আপোচ কৰা হৈছিল । বহু ক্ষেত্ৰত আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰাত লেহেমীয়া কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে । 6,015 টা গোচৰৰ ভিতৰত মাত্ৰ 38.2 শতাংশ গোচৰৰ ক্ষেত্ৰতহে চাৰ্জশ্বীট দাখিল কৰা হৈছিল ।

লগতে পঢ়ক : দেশৰ সশস্ত্ৰ বাহিনীত বাঢ়িব নাৰীৰ সংখ্যা আৰু শক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.