ETV Bharat / bharat

দেশৰ সশস্ত্ৰ বাহিনীত বাঢ়িব নাৰীৰ সংখ্যা আৰু শক্তি

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:27 AM IST

অধিক মহিলাক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব, লগতে নৌ সেনাৰ পদবীত ভাৰতীয় সংস্কৃতিক প্ৰতিফলিত কৰা হ’ব: প্ৰধানমন্ত্ৰী ৷

More women to be inducted in armed forces
নৌ সেনাৰ পদবীত ভাৰতীয় সংস্কৃতিক প্ৰতিফলিত কৰা হ’ব

নিউজ ডেস্ক, 5 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰৰ সশস্ত্ৰ বাহিনীত মহিলাসকলৰ শক্তি তথা সংখ্যা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ভাৰতীয় নৌ সেনাৰ পদবী দেশৰ সংস্কৃতি অনুসৰি সলনি কৰা হ’ব বুলি সদৰী কৰে ৷ ছত্ৰপতি শিৱাজী মহাৰাজৰ দৃষ্টিভংগী আৰু যুদ্ধ কৌশলৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই তেওঁ উল্লেখ কৰে যে, সপ্তদশ শতিকাৰ মাৰাঠা ৰজাই নৌ শক্তিৰ গুৰুত্ব জানিছিল । মুম্বাইৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মহাৰাষ্ট্ৰৰ উপকূলীয় সিন্ধুদুৰ্গ জিলাৰ মালভানত অনুষ্ঠিত নৌ সেনা দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ৷

তেওঁ কয়, "আমি সশস্ত্ৰ বাহিনীত মহিলাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো ।" সময়ত এগৰাকী মহিলা বিষয়াই নৌ সেনাৰ জাহাজ কমাণ্ড কৰিব বুলি ঘোষণা কৰাৰ পিচত মোদীয়ে নৌ সেনাক প্ৰশংসা কৰে । তেওঁ কয় যে, ভাৰতীয় নৌসেনাৰ পদবীবোৰ ভাৰতীয় সংস্কৃতি অনুসৰি পুনৰ নামকৰণ কৰা হ’ব ।

মোদীয়ে ঘোষণা কৰে যে নৌ সেনাৰ বিষয়াসকলে সজোৱা এপ’লেট (rpt epaulettes) সমূহত ছত্ৰপতি শিৱাজীৰ প্ৰতিফলন থাকিব । কিংবদন্তী মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকে এখন দেশৰ বাবে নৌ শক্তিৰ গুৰুত্ব জানিছিল আৰু তেওঁৰ শাসনকালত এক শক্তিশালী সামুদ্ৰিক শক্তি গঢ়ি তুলিছিল, প্ৰধানমন্ত্ৰীয়ে কয় । ছত্ৰপতি শিৱাজীৰ পৰা অনুপ্ৰেৰণা লৈ ভাৰতে দাসত্বৰ মানসিকতা এৰি সকলো দিশতে আগবাঢ়ি গৈছে বুলিও তেওঁ উল্লেখ কৰে ।

মোদীয়ে আজি কয় যে, ভাৰতে নিজৰ বাবে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ’বলৈ নিজৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰি আছে । বিশ্বই ভাৰতক 'বিশ্ব মিত্ৰ' (সাৰ্বজনীন বন্ধু) হিচাপে দেখিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ । মোদীয়ে কয় যে ভাৰতে বন্দৰ নেতৃত্বাধীন উন্নয়নক অভূতপূৰ্ব সমৰ্থন আগবঢ়াইছে । তেওঁ কয় যে বণিক জাহাজ চলোৱাকো উৎসাহিত কৰা হৈছে । ভাৰত দেশ নিজৰ মহাসাগৰৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ দিশতো আগবাঢ়িছে ।

নৌ সেনা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু সময়ৰ পূৰ্বে মোদীয়ে সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট গড়ত ছাত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । মোদীয়ে পিচত টাৰ্কাৰ্লি সাগৰৰ পাৰৰ পৰা ভাৰতীয় নৌসেনাৰ জাহাজ, চাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ দ্বাৰা পৰিচালিত 'কাৰ্যকৰী প্ৰদৰ্শন' (operational demonstration) প্ৰত্যক্ষ কৰে ।

উপকূলীয় সৰু চহৰ মালভানতো নৌ সেনাৰ শক্তিৰ এক আকৰ্ষণীয় প্ৰদৰ্শন দেখা গৈছিল । নৌ সেনাই এই অনুশীলনৰ বাবে নিজৰ সম্পত্তিৰ ফ্ৰণ্টলাইন যুদ্ধজাহাজ, চাবমেৰিন, বিমান আৰু হেলিকপ্টাৰ নিয়োগ কৰিছিল ।

আই এন এছ বিক্ৰমাদিত্য, আই এন এছ কলকাতা, আই এন এছ কোচি, আই এন এছ বিশাখাপট্টনম, আই এন এছ চেন্নাই, আই এন এছ ব্ৰহ্মপুত্ৰ, আই এন এছ বিয়াছ, আই এন এছ বেতোৱা, আই এন এছ টাবৰ, আই এন এছ সুভদ্ৰা আই এন এছ বিনাশ আৰু আই এন এছ বিপুল এই ড্ৰিলৰ অংশ আছিল ৷

ইয়াৰ উপৰিও নৌসেনাই নিজৰ কাৰ্যকৰী দক্ষতা আৰু সামৰ্থ প্ৰদৰ্শনৰ সময়ত ছাবমেৰিন খাণ্ডেৰী, হেলিকপ্টাৰ চেটাক, কামভ ৩২, ছিকিণ্ড ৪২বি, আৰু ডৰ্নিয়াৰ, পি ৮ আই চোৱাচিতা আৰু ৰিকনেছান্স বিমান, লাইট কম্বেট এয়াৰক্ৰাফ্ট আৰু মিগ২৯ ক নিয়োগ কৰে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নৌ সেনা দিৱসত শুভেচ্ছা জ্ঞাপন কৰি কয় যে ভাৰতৰ সাগৰৰ সুৰক্ষাৰ ক্ষেত্ৰত নৌ সেনাৰ জোৱানসকলৰ দায়বদ্ধতা তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অটল সমৰ্পণ আৰু জাতিৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ ।

লগতে পঢ়ক : নৌসেনা বিষয়াৰ বেজত থাকিব শিৱাজীৰ সেনাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.