ETV Bharat / bharat

নৌসেনা বিষয়াৰ বেজত থাকিব শিৱাজীৰ সেনাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:05 PM IST

সিন্ধুদুৰ্গত নৌসেনা দিৱস উদযাপন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নৌসেনা বিষয়াসকলৰ বেজত শিৱাজী মহাৰাজৰ সেনাৰ প্ৰতীক থাকিব । তেওঁ আমাৰ ভাৰতীয় সংস্কৃতি অনুসৰি ভাৰতীয় নৌসেনাৰ ৰেংকবোৰ পুনৰ নামকৰণ কৰাৰ কথাও ঘোষণা কৰে । ইয়াৰ পূৰ্বে তেওঁ ৰাজকোট দুৰ্গত শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু তাৰকাৰ্লি বীচৰ পৰা নৌসেনাৰ জাহাজ, বিমান আৰু ছাবমেৰিনৰ 'অপাৰেচনেল ডেমনষ্ট্ৰেচন' প্ৰত্যক্ষ কৰে ।

PM Modi addressed national Navy Day
নৌসেনা বিষয়াৰ বেজত থাকিব শিৱাজীৰ সেনাৰ প্ৰতীক

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : সোমবাৰে পালন কৰা হয় ভাৰতীয় নৌসেনা দিৱস । এই উপলক্ষে আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ভাৰতীয় নৌসেনাৰ ৰেংকসমূহ ভাৰতীয় সংস্কৃতি অনুসৰি পুনৰ নামকৰণ হ'ব । লগতে প্ৰতিৰক্ষা বাহিনীত মহিলাৰ শক্তি বৃদ্ধি কৰা হ'ব । আনহাতে, নৌসেনা বিষয়াসকলে পিন্ধা বেজবোৰত (এপাউলেট) এতিয়াৰে পৰা ছত্ৰপতি শিৱাজী মহাৰাজৰ সেনাৰ প্ৰতীক থাকিব বুলিও তেওঁ কয় ।

মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত 'নৌসেনা দিৱস, ২০২৩' উদযাপনত ভাষণ দি তেওঁ কয়, "আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰি মই এই কথা ঘোষণা কৰিবলৈ পাই আনন্দিত যে ভাৰতীয় সংস্কৃতি অনুসৰি ভাৰতীয় নৌসেনাৰ ৰেংকসমূহ পুনৰ নামকৰণ হ'ব । প্ৰতিৰক্ষা বাহিনীত মহিলাৰ শক্তি বৃদ্ধিৰ বাবেও কাম চলি আছে । নৌসেনাৰ জাহাজৰ প্ৰথমগৰাকী মহিলা কমাণ্ডিং বিষয়া নিযুক্ত কৰাৰ বাবে মই নৌসেনাক অভিনন্দন জনাইছোঁ ।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ ইতিমধ্যে ছত্ৰপতি শিৱাজী মহাৰাজৰ ঐতিহ্যৰ সৈতে নৌসেনাৰ পতাকা সংযোগ কৰাৰ সুযোগ পাইছে আৰু এতিয়া নৌসেনা বিষয়াসকলে পিন্ধা বেজবোৰে মাৰাঠা শাসকৰ সেনাৰ প্ৰতীক বহন কৰিব । "আমাৰ পৰনিৰ্ভৰশীলতাৰ মানসিকতাক এৰি থৈ শিৱাজী মহাৰাজৰ অনুপ্ৰেৰণাত ৰাষ্ট্ৰ আগবাঢ়িছে । এতিয়া নতুন এপাউলেটবোৰে শিৱাজী মহাৰাজৰ প্ৰতীক বহন কৰিব ।" তেওঁ লগতে কয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মানুহে এতিয়া নিৰাশাবাদৰ ৰাজনীতিক পৰাস্ত কৰি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিছে । তেওঁ কয় যে এই অংগীকাৰে ভাৰতৰ প্ৰাপ্য গৌৰৱ পুনৰুদ্ধাৰ কৰিব । তেওঁ লগতে কয়, "আমাৰ দাসত্ব আৰু পৰাজয়ৰ ১০০০ বছৰ পুৰণি ইতিহাস নহয়, বিজয়, জ্ঞান, সংস্কৃতি আৰু নৌ-দক্ষতাৰ ইতিহাস আছে ।"

আনহাতে, নৌসেনা পৰিয়ালৰ সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে সমুদ্ৰৰ শক্তিৰ গুৰুত্ব জানিছিল । লগতে তেওঁ কয় যে তেওঁ সিন্ধুদুৰ্গ দুৰ্গৰ পৰা শুভেচ্ছা জনাবলৈ পোৱাৰ বাবে অতি সৌভাগ্যৱান । উল্লেখ্য যে এই দুৰ্গটো ১৬৬০ চনত মাৰাঠা শাসকে স্থাপন কৰিছিল ।

"মই নিজকে সিন্ধুদুৰ্গ দুৰ্গৰ পৰা নৌসেনা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ পাই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ । ছত্ৰপতি শিৱাজী মহাৰাজে সমুদ্ৰৰ শক্তিৰ গুৰুত্ব জানিছিল আৰু বিশ্বাস কৰিছিল যে যিয়ে সমুদ্ৰ নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ আটাইতকৈ শক্তিশালী ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও উল্লেখ কৰিছিল যে এটা দশক পূৰ্বে নৌসেনাক উপেক্ষা কৰা হৈছিল । কিয়নো সেই সময়ত এইটো বিশ্বাস কৰা হৈছিল যে দেশখনে কেৱল স্থলভিত্তিক ভাবুকিৰ সন্মুখীন হৈছে । প্ৰধানমন্ত্ৰী মোদী শাসনলৈ অহাৰ পিছতহে নৌসেনা, স্থলসেনা আৰু বায়ু সেনাৰ সকলো শাখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও তেওঁ কয় । ৰাজনাথ সিঙে লগতে কয় যে ভাৰতীয় নৌসেনা স্বদেশীকৰণৰ দিশে আগবাঢ়িছে আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমখন থলুৱা বিমান বাহক উদ্বোধন কৰিছে ।

"যদিও পূৰ্বতে বেছিভাগ সঁজুলি আমদানি কৰা হৈছিল, এতিয়া আমি ক্ৰেতাৰ পৰা নিৰ্মাতা হৈ পৰিছোঁ ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :কোন বহিব ৰাজস্থানৰ মচনদত ? বসুন্ধৰা ৰাজেক প্ৰস্তাৱ একাংশ বিজেপি বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.