অসম

assam

Blood donation camp in Dhemaji:চিমেন চাপৰিত ৰক্তদান শিৱিৰ সম্পন্ন

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:09 PM IST

চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্প

জোনাই, ২৯ ছেপ্টেম্বৰঃ চিমেন চাপৰি চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উদ্যোগত,ধেমাজি অসামৰিক চিকিৎসালয়ৰ সহযোগত আয়ুষ্মান ভৱ আৰু ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে চিমেন চাপৰিত এক ৰক্তদান শিৱিৰ বৃহস্পতিবাৰে অনুষ্ঠিত হয় । চিমেন চাপৰি গাঁও পঞ্চায়তত অনুষ্ঠিত ৰক্তদান শিৱিৰৰ উদ্ধোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে । মুঠ ৩৬ গৰাকীয়ে স্বেচ্ছামূলকভাৱে ৰক্তদান আগবঢ়োৱা কাৰ্যসূচীত ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কিশোৰ কামান, ডাঃ হিমাশ্ৰী শৰ্মা, ডাঃ চবেদ এম বাদুচা, লেবৰেটৰী টেকনিচিয়ান মোহন দত্ত, দীপক কোঁচ,তৰুণ গগৈ,নাৰ্ছ লিলি শইকীয়া,পূজা মালাকাৰে সহযোগিতা আগবঢ়ায় ।  

এই অনুষ্ঠানটোত চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি তথা চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা ডম্বৰু কোঁৱৰ, উপদেষ্টা তোলন ফুকন, সভানেত্ৰী ৰাণু গগৈ, উপ-সভাপতি ৰজনী সন্দিকৈ,সম্পাদক দিগন্ত গগৈ,সহকাৰী সম্পাদক জয়ন্ত গগৈ প্ৰমুখ্যে বহু সংখ্যক স্থানীয় ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Life struggle of an old man: শ্মশানত মৌলিক অধিকাৰবিহীন জীৱন কটোৱা এগৰাকী বৃদ্ধৰ কথাৰে...

ABOUT THE AUTHOR

...view details