অসম

assam

ভূপেন বৰাক দলৰ চিন্তা কৰিবলৈ পৰামৰ্শ ভবেশ কলিতাৰ

By

Published : Sep 22, 2022, 8:33 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই চাকৰিৰ নামত হোৱা ব্যাপক অনিয়ম-বিসংগতি সন্দৰ্ভত(Bhabesh Kalita react on APCC presidents comment) কৰা মন্তব্যৰ প্ৰত‍্যুত্তৰ দি ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয় যে কংগ্ৰেছে "ভাৰত জোৰো" আন্দোলন চলাইছে যদিও বৰ্তমান কংগ্ৰেছত কংগ্ৰেছ ছ'ৰ' অভিযান চলি আছে । তেওঁ পুনৰ কয় যে ভূপেন বৰাই অন্য দলৰ কথা চিন্তা কৰিবলৈ বাদ দি নিজৰ দলটো চম্ভালিবলৈ চেষ্টা কৰা উচিত । কংগ্ৰেছ এতিয়া অস্ত যাবলৈ ওলোৱা বেলি বুলি কটাক্ষ কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । হীনমন‍্যতাত ভুগি এতিয়া কংগ্ৰেছৰ নেতাসকলে কেতিয়া ক'ত কি কয় ঠিকনা নোহোৱা হৈছে বুলিও তেওঁ কয় । উল্লেখ্য় যে চাকৰিৰ নামত হোৱা ব্যাপক অনিয়ম-বিসংগতি তথা লুণ্ঠনৰ পৰা দায় সাৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC presidents allegation against Bhabesh Kalita) । তেওঁ লগতে অভিযোগ কৰি মন্তব্য় কৰিছিল যে, জলসিঞ্চন বিভাগত ৰঙিয়াৰ মানুহে বেছিকৈ চাকৰি পালে । ভৱেশ কলিতাক উদ্দেশ্যি লগতে তেওঁ কৈছিল, কলিতা ৰঙিয়াৰ নে অসমৰ মন্ত্ৰী আছিল ।
Last Updated :Feb 3, 2023, 8:28 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details