ETV Bharat / state

42 দিনে নিৰুদ্দিষ্ট পুত্ৰ ; সহায় বিচাৰি অসম চৰকাৰলৈ কাতৰ আহ্বান অসুস্থ পিতৃৰ - rangia youth missing in hyderabad

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 9:42 AM IST

Youth missing: হায়দৰাবাদত নিৰুদ্দেশ ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডৰ এজন যুৱক ৷ 42 দিনে নিৰুদ্দিষ্ট হৈ আছে ৰঙিয়াৰ ৰাহুল কলিতা ৷ পুত্ৰত চিন্তাত দুখত ভাগি পৰিছে পৰিয়ালটো ৷

Youth from rangia missing in hyderabad
নিৰুদ্দিষ্ট ৰাহুল কলিতা (Etv bharat assam)

ৰঙিয়া, 26 মে’: পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক ৷ নিৰুদ্দেশ হোৱা যুৱকজন ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডৰ বুলি জানিব পৰা গৈছে । তেলেংগানাৰ হায়দৰাবাদৰ এখন পাৰ্কত ফুৰিবলৈ গৈ ৰাহুল কলিতা নামৰ 20 বছৰীয়া যুৱকজন নিৰুদ্দেশ হয় বুলি জানিব পৰা গৈছে ।

Youth from rangia missing in hyderabad
নিৰুদ্দিষ্ট ৰাহুল কলিতা (Etv bharat assam)

সুদীৰ্ঘ 42 দিনে হায়দৰাবাদৰ কোম্পানীত কৰ্মৰত যুৱকজনৰ কোনো সন্ধান নাই বুলি জানিব পৰা গৈছে । দুৰ্ভাগ্যজনকভাবে পুত্ৰক হায়দৰাবাদলৈ বিচাৰি যাবৰ বাবে পৰিয়ালটোৰ হাতত অৰ্থৰ অভাৱ ।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডত ভাৰতীয়া হিচাপে থকা জিতেন কলিতা আৰু অঞ্জলি কলিতাৰ কনিষ্ঠ পুত্ৰ ৰাহুল কলিতাই আৰ্থিক সংকটত ভূগি হায়দৰাবাদলৈ কাম বিচাৰি গৈছিল প্ৰায় এবছৰ পূৰ্বে । হায়দৰাবাদৰ এটা কোম্পানীত কাম পোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালটো কোনোমতে চলি আছিল । কিন্তু যোৱা 14 এপ্ৰিলৰ সন্ধিয়া বন্ধুৰ সৈতে স্থানীয় এখন পাৰ্কলৈ ফুৰিবলৈ গৈ উভতি নাহিল ৰাহুল । তেতিয়াৰে পৰাই নিৰুদ্দিষ্ট হৈ আছে ৰাহুল ।

Youth from rangia missing in hyderabad
নিৰুদ্দিষ্ট ৰাহুল কলিতা (Etv bharat assam)

আশ্চৰ্যজনকভাবে এই সম্পৰ্কত ৰাহুলৰ বন্ধুক কোনো প্ৰশ্ন সুধিলে গা এৰা মন্তব্য দিয়ে বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰিছে ৰাহুলৰ পৰিয়ালে । বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাৰ বাবে সেই অঞ্চলত গোচৰ তৰিব লাগিব পৰিয়ালটোৱে । কিন্তু পৰিয়ালটোৰ হাতত হায়দৰাবাদলৈ যাবলৈ টকা নাই ।

ইফালে পুত্ৰ সন্ধানহীন হোৱাৰ শোকত অসুস্থ হৈ পৰিছে পিতৃ । অসুস্থ পিতৃৰ আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰলৈ তেওঁলোকৰ কনিষ্ঠ পুত্ৰক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ আহ্বান জনায় । কোনো সদাশয় লোকে কিবা খবৰ পালে ওচৰৰ আৰক্ষী থানা অথবা 98645-20493 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

Youth from rangia missing in hyderabad
নিৰুদ্দিষ্ট ৰাহুল কলিতা (Etv bharat assam)

ক’লৈ গ’ল পুত্ৰ ৰাহুল ? কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্টচক্ৰ জড়িত হৈ আছে, এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাই পৰিছে পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক: চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ - Kaliabor youth missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.