ETV Bharat / state

চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ - Kaliabor youth missing

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:43 PM IST

Kaliabor youth missing: বিগত 40 দিনে নিৰুদ্দিষ্ট কলিয়াবৰ চাহ বাগিচাৰ এজন 18 বছৰীয়া যুৱক ৷ চিন্তিত অভিভাৱক ৷

Kaliabor youth missing
চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ (Etv bharat assam)

কলিয়াবৰ, 22 মে’: সুৰক্ষিত নহয় জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা ৰাজ্যৰ যুৱক-যুৱতীসকল । বহিঃৰাজ্যত অসমৰ যুৱক দুস্কৃতিকাৰীৰ কৱলত পৰা, দুৰ্ঘটনাত পতিত হোৱা, মৃত্যু হোৱা, সন্ধানহীন হোৱা ঘটনা দিনক দিনে বৃদ্ধি হৈ অহা পৰিলক্ষিত হৈছে ৷

Kaliabor youth missing
চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ (Etv bharat assam)

এইবাৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে কলিয়াবৰৰ এজন যুৱক । জানিব পৰা মতে, বিগত 12 এপ্ৰিলৰ দিনটোৰে পৰা কেৰালালৈ যোৱা কলিয়াবৰ চাহ বাগিচাৰ দিগম্বৰ মিত্ৰ নামৰ যুৱকজন সন্ধানহীন হৈ আছে । পিতৃ অজয় মিত্ৰই জানিবলৈ দিয়া মতে, যোৱা 26 জানুৱাৰীৰ দিনা আন চাৰি যুৱকৰ সৈতে দিগম্বৰ কামৰ সন্ধানত কেৰালালৈ গৈছিল । প্ৰথমে ৰাজস্থানৰ আলৱাৰৰ পি. এম. জি. কোম্পানীত চাকৰি কৰাৰ পাছত 2 মাৰ্চৰ দিনা কেৰালাৰ কালামাছেৰীৰ 'ৰ'জ এণ্ড মেংগ'জ' নামৰ ৰেষ্টোৰা এখনত কামত যোগদান কৰিছিল দিগম্বৰে ।

উক্ত ৰেষ্টোৰাখনৰ পৰাই 12 এপ্ৰিলৰ পৰা ৰহস্যজনকভাবে নিৰুদ্দিষ্ট হৈ পৰে দিগম্বৰ । পিতৃয়ে জানিবলৈ দিয়া অনুসৰি 11 এপ্ৰিলৰ দিনা শেষবাৰৰ বাবে ঘৰৰ সৈতে মোবাইল ফোনযোগে দিগম্বৰে কথা পাতিছিল আৰু তাৰ পিছৰে পৰা দিগম্বৰৰ মোবাইলটো বন্ধ হৈ আছে । দিগম্বৰৰ পিতৃয়ে ৰেস্তোৰাখনৰ মালিকৰ লগত যোগাযোগ কৰাত বিগত 12 তাৰিখে দিগম্বৰে ৰেস্তোৰাৰ কাম এৰি যোৱা বুলি জানিবলৈ দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

বিগত 40 দিন ধৰি পুত্ৰৰ সন্ধান লাভ নকৰাত আৰু মোবাইলটো বন্ধ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালটো । দিগম্বৰৰ সন্ধান লাভৰ ক্ষেত্ৰত ৰেষ্টোৰা কৰ্তৃপক্ষই বিশেষ সহায় আগনবঢ়োৱাৰ বাবে শিলঘাট আৰক্ষীৰ কাষ চাপিছে দিগম্বৰৰ পিতৃ ।

আৰক্ষীয়ে সন্ধানহীন দিগম্বৰৰ সন্ধান উলিয়াব পাৰিবনে নোৱাৰে বৰ্তমান ই এক ডাঙৰ প্ৰশ্ন । উল্লেখ্য যে, বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা ৰাজ্যৰ বহু যুৱক-যুৱতী সন্ধানহীন হোৱাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে ৷ অৱশ্যে ইয়াৰ পাছতো ৰাজ্য চৰকাৰে এনেবোৰ ঘটনাক বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা হোৱা নাই ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ জংঘলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ - Youth Of Assam Death in Jharkhand

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.