অসম

assam

তিনিচুকীয়াত সদৌ অসম গাড়ী চালক সন্থাৰ বিক্ষোভ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 2:10 PM IST

তিনিচুকীয়াত সদৌ অসম গাড়ী চালক সন্থাৰ বিক্ষোভ

তিনিচুকীয়া,৩১ ডিচেম্বৰ:সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ বাছ আস্থানৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পৰিৱহণৰ ক্ষেত্ৰত অনা নতুন আইনৰ বিৰুদ্ধে গাড়ী চালক সন্থাই সাব্যস্ত কৰিছে বিক্ষোভ । নতুন আইন অনুসৰি এজন চালকে যদি এজন লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷'  

ইয়াৰোপৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিলে জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷ এজন চালকে যদি ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব পাৰে তেন্তে গাড়ী চলোৱাৰ সলনি অন্য ব্যৱসায় কৰিলেহেঁতেন বুলি উল্লেখ কৰি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আইনখন বাতিল কৰাৰ দাবী উত্থাপন কৰে সদৌ অসম গাড়ী চালক সন্থাই ৷ যদিহে এই আইন বাতিল নকৰে তেন্তে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক:গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফাৰ দল, বিমানবন্দৰত উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details