গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফাৰ দল, বিমানবন্দৰত উষ্ম আদৰণি

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 12:47 PM IST

thumbnail

গুৱাহাটী, 31 ডিচেম্বৰ : দিল্লীৰ পৰা আহি অসমত উপস্থিত হ’ল আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি অহা আলোচনাপন্থী আলফাৰ দল ৷ বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে দলটোক শ শ সতীৰ্থই উষ্ম আদৰণি জনাইছে ৷ তাৰ পিচতেই দলটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হয় । আজি বিয়লি তিনি বজাত সংবাদমেল সম্বোধন কৰিব বুলি জানিবলৈ দিয়ে দলটোৱে ৷

প্ৰায় 12 বছৰীয়া এক প্ৰক্ৰিয়াৰ অন্তত শুকুৰবাৰ অৰ্থাৎ 29 ডিচেম্বৰ, 2023 ত নতুন দিল্লীৰ নৰ্থ ব্লকত স্বাক্ষৰিত হ’ল আলফা চৰকাৰৰ শান্তি চুক্তি ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ শীৰ্ষ নেতাসকলৰ সৈতে এই চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তি স্বাক্ষৰৰ পিচতে ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৷ কিছু লোকে এই চুক্তিক সমৰ্থন কৰিছে যদিও ৰাজ্যৰ দল-সংগঠনসমূহে তীব্ৰ ভাষাৰে গৰিহনা দিছে এই চুক্তিক ৷ 

লগতে পঢ়ক: কি কি চৰ্তত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ চুক্তি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.