দুদিনীয়া ভ্ৰমণসূচীৰে পহিলা ব’হাগৰ দিনটোত কাৰ্বি আংলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথম দিনটোতে ডিফুত ২৪৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন উৰণীয়া সেঁতুৰ ভূমি পূজাত অংশগ্ৰহণ কৰাৰ লগতে এক চেক বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে (Himanta Biswa Sarma takes part in Bhumi Puja in Diphu)৷
আজি পহিলা বহাগৰ বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা টীয়কবাসী ৰাইজৰ সহযোগত মুকলি ৰঙালী বিহু উদযাপন কৰা হয় (Teok AASU celebrates Rongali Bihu)। টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগণত টীয়ক আছুৱে স্থানীয় কেইবাটাও বিহুদলক আমন্ত্ৰণ জনাই বিহু উদযাপন কৰে ।
ৰঙালীৰ ৰঙত ৰঙীয়াল সকলো ৷ ৰাজ্যৰ চৌদিশ এতিয়া কেৱল ঢোল, পেঁপা, গগনা, বাঁহী আৰু বিহুনামৰ সুৰত মুখৰিত ৷ পিচ পৰি ৰোৱা নাই বঙাইগাঁও জিলাৰ মাণিকপুৰো ৷ মাণিকপুৰতো চেনেহৰ ব’হাগ বিহুটো উদযাপন কৰা হৈছে(Bohag Bihu 2022) ৷ মাণিকপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ উদযাপন কৰা হৈছে ৰঙালী বিহু ৷
ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে অঘটন ৷ সমান্তৰালকৈ ধুমুহাত গছ উভালি পৰাত টিংখাঙত মৃত্যু হয় তিনিগৰাকী মহিলাৰ (Three women died when tree uprooted in storm)৷ আহত এগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ৷ ডিমা হাছাও জিলাতো ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন ৷
পহিলা ব'হাগৰ দিনটোতে মৰাণত ধুমুহাৰ তাণ্ডৱ । দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাছত পুনৰ ৰাইজে এই বিহু উদযাপনৰ কৰিবলৈ কঁকালত টঙালি বান্ধিছিল যদিও পহিলা ব'হাগৰ আবেলি অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰিলে মৰাণত । কেইটামান মুহূৰ্তৰ বাবে মৰাণত সৃষ্টি হোৱা এই ধুমুহা বৰষুণৰ বাবে মৰাণৰ বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰা পৰিলক্ষিত হয় । আনকি মৰাণত থকা মন্ত্ৰী যোগেন মহনৰ গৃহ লৈ যোৱা পথত প্ৰকাণ্ড গছ উভালি পৰাত এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে ।
পহিলা ব'হাগৰ দিনাই পূৰ্বৰ পৰম্পৰা অনুসৰি তেজপুৰত নৰ্থ অসম চেম্বাৰচ অৱ কমাৰ্চে সন্মান জনালে ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিক (septuagenarian felicitated by North Assam Chambers of Commerce) ৷
অৱশেষত স্বামী-স্ত্ৰীৰ সম্পৰ্কত বান্ধ খালে ৰণবীৰ-আলিয়া ৷ বলীউডৰ বহুল চৰ্চিত বিয়াখন অৱশেষত হ’লগৈ (Ranbir Alia Wedding) ৷ পাপাৰাজী, অনুৰাগীৰ পৰা বলীউড তাৰকালৈকে সকলোৱে দুয়োকে সামাজিক মাধ্যমত যাচিছে শুভেচ্ছা (Wedding wishes to Ranbir Alia) ৷ কিন্তু দুটা বিশেষ শুভেচ্ছা বাণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
সমাগত পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) ৷ শেহতীয়াকৈ দুগুণ উৎসাহেৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নামি পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পার্টিয়ে ৷ ৱাৰ্ডে ৱাৰ্ডে বাটৰ নাট প্ৰদৰ্শন কৰি দলটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে দলটোৱে ।
গৰু বিহুদিনাই লামডিং সংৰক্ষিত বনাঞ্চলত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । বনমন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিদৰ্শন কৰে বনাঞ্চলখন । দুস্কৃতিকাৰীয়ে কৰা বন ধ্বংসযজ্ঞৰ শীঘ্ৰেই অৱসান হ'ব বুলি উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে ।
আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু । পহিলা ব'হাগৰ দিনাই ৰাজ্যৰ প্ৰতিটো ধৰ্মীয় স্থানত ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ পহিলা ব'হাগৰ দিনা পুৱাৰ পৰাই ভক্তই ভিৰ কৰিছেহি টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত (Devotees throng at Dhekiakhowa Bornaamghar in Jorhat) ৷ সৰুৱে মান্যজনক সেৱা, সাক্ষাৎ কৰি আশীৰ্বাদ লৈছে যাতে আগন্তুক দিনবোৰ সুখ-শান্তিৰে পাৰ হয় ৷ ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব মংগল কামনা কৰি মাধৱ গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল দি সকলোৰে হৈ এখনি শৰাই আগবঢ়াই বিশ্ববাসীৰ মংগল কামনা কৰে ।