পৌৰ নিগমৰ নিৰ্বাচনকলৈ ব্যাপক প্ৰচাৰ অভিযান আম আদমী পাৰ্টিৰ

author img

By

Published : Apr 15, 2022, 10:24 PM IST

aam-aadmi-partys-election-campaign

সমাগত পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) ৷ শেহতীয়াকৈ দুগুণ উৎসাহেৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নামি পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পার্টিয়ে ৷ ৱাৰ্ডে ৱাৰ্ডে বাটৰ নাট প্ৰদৰ্শন কৰি দলটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে দলটোৱে ।

গুৱাহাটী, 15 এপ্ৰিল : অসমত লাহে লাহে খোপনি পোতাৰ চেষ্টা চলাইছে আম আদমী পাৰ্টিয়ে ৷ বিগত পৌৰ সভাৰ নিৰ্বাচনত দুটা ৱাৰ্ড লাভ কৰিবলৈ সক্ষম (AAP won in Assam municipal election) হোৱাৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পার্টিয়ে দুগুণ উৎসাহেৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নামি পৰিছে (GMC election 2022) ।

গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰত 40 টা ৱাৰ্ডতে প্ৰাৰ্থী থিয় কৰোৱা ৰাজনৈতিক দলটোৱে শেহতীয়াকৈ প্ৰচাৰ অভিযান আৰু অধিক তীব্ৰতৰ কৰি তুলিছে । মহানগৰীৰ বিভিন্ন স্থানত বৃহৎ বৃহৎ হৰ্ডিং লগাই নিজৰ স্থিতি জাহিৰ কৰা দলটোৱে কংগ্ৰেছৰ মাজত চলি থকা খামখেয়ালিৰ পূর্ণ সুযোগ গ্ৰহণ কৰিছে ।

পৌৰ নিগমৰ নিৰ্বাচনকলৈ ব্যাপক প্ৰচাৰ অভিযান আম আদমি পাৰ্টিৰ

মন কৰিব লগীয়া কথা যে, দিল্লীৰ পাছত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হ’বলৈ সক্ষম হোৱা দলটোৱে এইবাৰ দেশৰ আন আন প্ৰান্ততো খোপনি পোতাৰ বাবে চেষ্টা চলাইছে । অৱশ্যে অসমত বহু পূৰ্বেই আম আদমি পাৰ্টিয়ে সমিতি গঠন কৰিছিল ।

আনকি দলটোৱে পূৰ্বৰ অসমত বিধানসভা আৰু লোক সভাৰ নিৰ্বাচনত প্ৰার্থী থিয় কৰাইছিল যদিও সফল হ'ব পৰা নাছিল । কিন্তু পৰাজয়ৰ পাছতো হাৰ নমনা দলটোৱে বিগত পৌৰ নিৰ্বাচনত লখিমপুৰ আৰু তিনিচুকীয়াত প্ৰথমবাৰৰ বাবে দুজনকৈ প্ৰার্থী জয়ী কৰাবলৈ সক্ষম হৈছিল ।

পৌৰ নিৰ্বাচনত দুজন প্ৰার্থী জয়ী হোৱাৰ পাছতেই তেওঁলোকক অভিনন্দন জনাই অৰবিন্দ কেজৰিৱালে অসমত আম আদমী পাৰ্টীয়ে খুটি পুতিলে বুলি টুইট কৰিছিল । ইতিমধ্যে দলটোৱে অনাগত গুজৰাট বিধানসভা নিৰ্বাচনতো প্ৰার্থী থিয় কৰোৱাৰ বাবে নামি পাৰিছে । জানিব পৰা মতে, আম আদমী পাৰ্টিয়ে অসমতো লাহে লাহে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে চেষ্টা চলাইছে । সেই অনুসৰিয়েই নতুন উৎসাহেৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নামি পৰিছে দলটো ।

অৱশ্যে সময়েহে ক’ব বৃহৎ বৃহৎ হৰ্ডিং লগাই চমক সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা দলটোক ৰাইজে গ্ৰহণ কৰিব নে নকৰে । কিন্তু দলটোৱে পৌৰ নিগমৰ নিৰ্বাচনক লৈ বিশেষভাৱে আশাবাদী হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । প্ৰাৰ্থীসকল ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাই আহিছে ।

আনকি ৱাৰ্ডে ৱাৰ্ডে বাটৰ নাট প্ৰদৰ্শন কৰি দলটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে । অৱশ্যে পৌৰ নিগমত আম আদমী পাৰ্টীয়ে নিজৰ স্থিতি সাব্যস্ত কৰিবলৈ সক্ষম হ'ব নে নাই সেয়া নিৰ্বাচনী ফলাফলৰ পাছতেহে জানিব পৰা যাব ।

লগতে পঢ়ক : গৰু বিহু দিনাই লামডিং সংৰক্ষিত বনাঞ্চলত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.