গৰু বিহু দিনাই লামডিং সংৰক্ষিত বনাঞ্চলত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By

Published : Apr 15, 2022, 8:05 PM IST

forest minister visit lumding reserve forest

গৰু বিহুদিনাই লামডিং সংৰক্ষিত বনাঞ্চলত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । বনমন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিদৰ্শন কৰে বনাঞ্চলখন । দুস্কৃতিকাৰীয়ে কৰা বন ধ্বংসযজ্ঞৰ শীঘ্ৰেই অৱসান হ'ব বুলি উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে ।

হোজাই,১৫ এপ্ৰিল: হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চল পৰিদৰ্শনৰ বাবে গৰু বিহু দিনাই বনাঞ্চলখনিত উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য । মন্ত্রী গৰাকীক সংগ দিয়ে হোজাইৰ প্ৰশাসন তথা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ লোকে । মন্ত্রী গৰাকী উপস্থিত হৈ বনাঞ্চলখনৰ দুস্কৃতিকাৰীয়ে বন ধংস কৰা অঞ্চল সমূহ পৰিদৰ্শন কৰে ।

মুখ্যমন্ত্রী ও বনবিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ আলোচনাৰ মৰ্মে লামডিং বনাঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হয় বনমন্ত্রী গৰাকী । অসমৰ এখন ডাঙৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অন্যতম লামডিং বনাঞ্চল বুলি জানিবলৈ দিয়ে মন্ত্ৰী-পৰিমল শুক্লবৈদ্যই । বৰ্তমানলৈকে লামডিং বনাঞ্চলখনত ইমান বন ধংস যজ্ঞ হোৱা নাই বুলিয়ো উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে জানিবলৈ দিয়ে যে সমগ্ৰ অসমত বন বিভাগত চৰকাৰী বন কৰ্মী কম । নিযুক্তিৰ পিছত সকলো ঠিক হ’ব । কিন্তু কিদৰে দিনক দিনে বৃদ্ধি পোৱা বন ধ্বংসযজ্ঞ ৰোধিব সেয়া হ'ব সময়ত লক্ষণীয় ।

লগতে পঢক: সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.