ঢোল, পেঁপা, গগনাৰ শব্দত মুখৰিত মাণিকপুৰ

By

Published : Apr 16, 2022, 8:01 AM IST

thumbnail

ৰঙালীৰ ৰঙত ৰঙীয়াল সকলো ৷ ৰাজ্যৰ চৌদিশ এতিয়া কেৱল ঢোল, পেঁপা, গগনা, বাঁহী আৰু বিহুনামৰ সুৰত মুখৰিত ৷ পিচ পৰি ৰোৱা নাই বঙাইগাঁও জিলাৰ মাণিকপুৰো ৷ মাণিকপুৰতো চেনেহৰ ব’হাগ বিহুটো উদযাপন কৰা হৈছে(Bohag Bihu 2022) ৷ মাণিকপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ উদযাপন কৰা হৈছে ৰঙালী বিহু ৷ শুকুৰবাৰে পুৱা বিহুৰ পতাকা উত্তোলনৰ পিচতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ইয়াৰ পিচতে প্ৰদৰ্শন কৰা হয় বিহুনাচ ৷ দুবছৰ ক’ভিডসৃষ্ট পৰিৱেশৰ পাচত বিহু উদযাপন কৰিবলৈ পায় এইবাৰ উল্লাসিত হৈ পৰিছে সকলো ৷ ডেকা- বুঢ়া, কিশোৰ-কিশোৰী সকলো ওলাই আহিছে বিহু উদযাপন কৰিবলৈ(Assamese Bihu Festival) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.