নাৰী সৰবৰাহকাৰীৰ জালৰ পৰা কথমপি ৰক্ষা পৰিল দুই কিশোৰী - women trafficking in assam

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 12:54 PM IST

thumbnail

মৰাণ, 27 এপ্ৰিল: নাৰী সৰবৰাহকাৰীৰ জালৰ পৰা কথমপি ৰক্ষা পৰে ডিব্ৰুগড় জিলাৰ দুগৰাকীকৈ কিশোৰী ৷ শুকুৰবাৰৰ নিশা নাহকটীয়া ৰেল ষ্টেচনৰ পৰা সৰবৰাহকাৰীৰ কবলত পৰা দুগৰাকীকৈ কিশোৰী উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সৰবৰাহৰ উদ্দেশ্যৰে গুৱাহাটীলৈ নিয়াৰ চেষ্টা কৰি থকা অৱস্থাতেই নাহৰকটীয়াৰ স্থানীয় সাংবাদিক আৰু নাহৰকটীয়া আৰক্ষীৰ তৎপৰতাত প্ৰলোভনকাৰীৰ কবলৰ পৰা কিশোৰী দুগৰাকী উদ্ধাৰ হয় । 

উদ্ধাৰ হোৱা দুই কিশোৰী ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আটক কৰা ধৃত প্ৰলোভনকাৰীজন নলবাৰীৰ বালিতাৰা গাঁৱৰ নয়নজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে । ৰঙিয়াৰ এজন ব্যক্তিৰ মালিকানাধীন বেচৰকাৰী সংস্থাত কাম কৰাৰ বাবে টিংখাঙৰ এগৰাকী যুৱতীৰ সহযোগত দুই কিশোৰীক গুৱাহাটীলৈ লৈ যোৱাৰ চেষ্টা কৰা বুলি স্বীকাৰ কৰিছে সৰবৰাহকাৰী যুৱকজনে । 

যুৱকজনে ধনৰ বিনিময়ত বেচৰকাৰী সংস্থাটোৰ মালিকক যুৱতী যোগান ধৰি আহিছে বুলিও জানিব দিয়ে । আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে । 

অভিযুক্ত নয়নজ্যোতি শৰ্মাক বৰ্তমান টিংখাং আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ১৪ মাৰ্চৰ পৰা সন্ধানহীন মাতৃসহ তিনি সন্তান; চিন্তিত পৰিয়ালৰ লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.