ETV Bharat / state

১৪ মাৰ্চৰ পৰা সন্ধানহীন মাতৃসহ তিনি সন্তান; চিন্তিত পৰিয়ালৰ লোক

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:38 AM IST

Jonai Missing Case : ১৪ মাৰ্চৰ পৰাই জোনাইৰ আদি লেকুৰ একেটা পৰিয়ালৰ চাৰিজন সদস্য নিৰুদ্দেশ হৈ আছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে অৰুণাচলৰ ৰুকচিন থানাত ৰুজু কৰিছে গোচৰ ৷ পৰিয়ালৰ লোকৰ সন্দেহ ৰাজেশ শ্বাহ নামৰ ব্যক্তিজন এই ঘটনাৰ লগত জড়িত হৈ আছে ৷

১৪ মাৰ্চৰ পৰা সন্ধানহীন মাতৃসহ তিনি সন্তান; চিন্তিত পৰিয়ালৰ লোক
১৪ মাৰ্চৰ পৰা সন্ধানহীন মাতৃসহ তিনি সন্তান; চিন্তিত পৰিয়ালৰ লোক

১৪ মাৰ্চৰ পৰা সন্ধানহীন মাতৃসহ তিনি সন্তান; চিন্তিত পৰিয়ালৰ লোক

জোনাই, ২১ মাৰ্চ : জোনাই মহকুমাৰ সীমান্তৱৰ্তী আদি লেকুৰ গাঁৱৰ পৰা একেটা পৰিয়ালৰ চাৰিজন নিৰুদ্দেশ সন্দৰ্ভত মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, জোনাই আদি লেকু গাঁৱৰ মতিবুৰ আলীৰ ২৭ বছৰীয়া বিবাহিতা কন্যা মিৰিজা বেগম আৰু তেওঁৰ ১৩ বছৰীয়া কন্যা আচিয়া খাতুন, ৯ বছৰীয়া পুত্ৰ সন্তান ইচুফ আলী আৰু ৬ বছৰীয়া মিৰাজ আলী বিগত ১৪ মাৰ্চৰ পৰাই নিৰুদেশ হৈ আছে ৷

ইতিমধ্যে মতিবৰ আলীয়ে নিৰুদ্দেশ হোৱা সন্দৰ্ভত ৰুকচিন থানাত দাখিল কৰিছে এজাহাৰো । মতিবুৰ আলীয়ে জানিবলৈ দিয়া মতে, ১৪ মাৰ্চৰ পুৱা বেংকলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল মিৰিজা বেগম আৰু তেওঁৰ দুটি সন্তান ৷ সেই তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে মিৰিজা বেগম আৰু তেওঁৰ দুটি সন্তান ।

তদুপৰি মতিবুৰ আলীয়ে অভিযোগ কৰা অনুসৰি, বিদ্যালয়লৈ পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা তেওঁৰ নাতিনী আচিয়া খাতুনক ৰুকচিন তেলডিপুৰ সমীপৰ ৰুকচিন প্ৰাইমেৰী মিডিল স্কুলৰ পৰা ৰাজেশ শ্বাহ নামৰ ব্যক্তিয়ে ১৪ মাৰ্চৰ দিনৰ প্ৰায় ১ বজাত বিদ্যালয় সমীপৰ পৰা বাইকত উঠাই অপহৰণ কৰি নিয়ে ।

আনহাতে, জোনাই সাংবাদিকৰ দল এটাই অভিযুক্ত ৰাজেশ শ্বাহৰ ঘৰত খবৰ ল’বলৈ যাওঁতে ৰাজেশ শ্বাহৰ পিতৃয়ে বিস্ফোৰক মন্তব্য আগবঢ়ায় । ইফালে বিগত ১৪ মাৰ্চৰ পৰা বৰ্তমানলৈ ৰাজেশ শ্বাহ ঘৰত নথকাৰ তথ্য পোহৰলৈ আহিছে । ফলত ৰাজেশ শ্বাহে মতিবুৰ আলীৰ ২৭ বছৰীয়া বিবাহিতা কন্যা মিৰিজা বেগম আৰু তিনি সন্তানক পলুৱাই নিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

আনহাতে, মতিবৰ আলীয়ে নিজৰ জী-ৰ লগতে নাতি-নাতিনীৰ কোনো শুংসূত্ৰ নাপায় মানসিকভাৱে ভাগি পৰিছে ৷ উপায়ন্তপ হৈ মতিবৰ আলীয়ে ৰাইজক এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে । যদি কোনো লোকে মিৰিজা বেগম, আচিয়া খাতুন, ইচুফ আলী আৰু মিৰাজ আলীৰ কোনো সম্ভেদ লাভ কৰে, তেন্তে ওচৰৰ আৰক্ষী থানা অথবা মতিবৰ আলীৰ ৮৪৭৩০৪৩১৯০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ৪১ দিনে সন্ধান নাই ৰঙিয়াৰ বৰকুৰীহাৰ মাতৃ-সন্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.