ভোটগ্ৰহণৰ নিশাই নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক হত্যা - NAGAON MURDER

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 3:22 PM IST

thumbnail

নগাঁও, 27 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ নিশাই নগাঁৱৰ দুবৰামাৰী চৰৰ এগৰাকীৰ সংখ্যালঘু নেতাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ শুকুৰবাৰে অৰ্থাৎ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ নিশা নগাঁৱৰ লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত দুবৰামাৰী চৰৰ আচৰ আলী নামৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা তথা সমবায়ৰ এজেন্টৰ মৃতদেহ উদ্ধাৰ হয় ৷

মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰাৰ লগে লগে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সঁজাতি দল উপস্থিত হোৱাৰ লগতে লাওখোৱা চাপৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ৷ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুবৰামাৰী চৰ আঞ্চলিকৰ সভাপতি তথা সমবায় এজেন্ট আচৰ আলীক কোনে কিয় হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰে জড়িত অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant Conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.