ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে ছাৰখাৰ বাসগৃহ - fire breaks out at Amolapatty

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:00 AM IST

thumbnail

গোলাঘাট, 27 এপ্ৰিল: গোলাঘাট নগৰৰ পূৱ আমোলাপট্টি অঞ্চলত শনিবাৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । পূৱ আমোলাপট্টি হামদৈ হোটেলৰ প্ৰায় সন্মুখত থকা স্বপ্নালী বৰাৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে । 

বাসগৃহটোত কোনো নথকাৰ বাবে নিমিষতে জুইৰ লেলিহান শিখা সম্প্ৰসাৰিত হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও গেছ ভৰ্তি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় । স্থানীয় লোকে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । 

পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ঘৰটোৰ লগতে ঘৰটোৰ সমস্ত সামগ্ৰী জাহ যায় । অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ'ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । 

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ঘৰটোৰ গৰাকী তথা অকলশৰীয়া মহিলা স্বপ্নালী বৰাই গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তৰ মহিলা আৰু যুৱতীসকলক গাড়ী চলোৱাৰ প্ৰশিক্ষণ দি পৰিয়ালটোক পোহপাল দি আহিছিল ।

লগতে পঢ়ক: নিশা দুলীয়াজানৰ ৰাজপথত জ্বলিল বিলাসী বাহন, প্ৰাণৰক্ষা চালক-যাত্ৰীৰ - Fire in Duliajan

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.