নিশা দুলীয়াজানৰ ৰাজপথত জ্বলিল বিলাসী বাহন, প্ৰাণৰক্ষা চালক-যাত্ৰীৰ - Fire in Duliajan

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 7:31 AM IST

thumbnail

মৰাণ,২১ এপ্ৰিল : দুলীয়াজানৰ ৰাজপথত ভয়ংকৰ ঘটনা । ৰাজপথত জ্বলি উঠিল এখন বিলাসী গাড়ী । জ্বলন্ত গাড়ীখনৰ ভিতৰত আছিল এগৰাকী অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ লগতে অন্য এগৰাকী মহিলা । ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে দুয়োগৰাকীৰ । দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে সংঘটিত হয় উক্ত ঘটনা । গাড়ীখনৰ গৰাকী অইল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগৰ কৰ্মচাৰী দুলু প্ৰসাদ দাস বুলি জানিব পৰা গৈছে ।  

জ্বলন্ত নেকচন গাড়ীখনৰ নম্বৰ হৈছে AS-03-AE-7002 । অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদি গাড়ীখনৰ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় । এই ঘটনাক কেন্দ্ৰ কৰি নিশা দুলীয়াজানত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । 

লগতে পঢ়ক : ভোট গ্ৰহণৰ প্ৰাকক্ষণত নাহৰকটীয়া সমষ্টিৰ অজাপৰ সদস্যৰ গৃহত অগ্নিসংযোগ - Fire In Naharkatia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.