Rongali Bihu Celebration: টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন

By

Published : Apr 15, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

আজি পহিলা বহাগৰ বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা টীয়কবাসী ৰাইজৰ সহযোগত মুকলি ৰঙালী বিহু উদযাপন কৰা হয় (Teok AASU celebrates Rongali Bihu)। টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগণত টীয়ক আছুৱে স্থানীয় কেইবাটাও বিহুদলক আমন্ত্ৰণ জনাই বিহু উদযাপন কৰে । ইপিনে পৰম্পৰা অটুত ৰাখি মুকলি বিহুৰ পূৰ্বে জেষ্ঠসকলক একোখনকৈ চেনেহৰ বিহুবান যাঁচি, সেৱা লৈ উপস্থিত সকলোৱে জলপান গ্ৰহণৰ ব্যৱস্থা কৰে বিহু উদযাপন স্থলীত । প্ৰতিকূল বতৰকো নেওঁচি প্ৰতিবাৰৰ দৰে এইবাৰো সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰা এই মুকলি বিহু উপভোগ কৰিবলৈ বৃহত্তৰ টীয়কৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে আছুৰ জেষ্ঠ নেতা জুল খাউণ্ডে উক্ত মুকলি বিহুৰ উদ্বোধন কৰি শুভাৰম্ভ কৰে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.