তেজপুৰত ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিলৈ নৰ্থ অসম চেম্বাৰচ অফ কমাৰ্চৰ সন্মান

author img

By

Published : Apr 15, 2022, 10:33 PM IST

septuagenarian felicitated by North Assam Chambers of Commerce in Tezpur

পহিলা ব'হাগৰ দিনাই পূৰ্বৰ পৰম্পৰা অনুসৰি তেজপুৰত নৰ্থ অসম চেম্বাৰচ অৱ কমাৰ্চে সন্মান জনালে ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিক (septuagenarian felicitated by North Assam Chambers of Commerce) ৷

তেজপুৰ, ১৫ এপ্ৰিল : মানুহ বিহুৰ দিনা জ্যেষ্ঠ জনক কণিষ্ঠ জনে সেৱা কৰি আৰ্শীবাদ লোৱা পৰম্পৰা আজিও বিদ্যমান । মানুহ বিহুৰ দিনটোত তেজপুৰৰ ব্যৱসায়িক সমাজ নৰ্থ অসম চেম্বাৰচ অৱ কমাৰ্চে সন্মান জনালে ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিক । ব্যৱসায়ীসকলে জ্যেষ্ঠজনৰ ওচৰত আঁঠু লৈ জনালে সন্মান (septuagenarian felicitated by North Assam Chambers of Commerce)।

septuagenarian felicitated by North Assam Chambers of Commerce in Tezpur
তেজপুৰত ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিলৈ নৰ্থ অসম চেম্বাৰচ অফ কমাৰ্চৰ সন্মান

প্ৰথমবাৰৰ বাবে আয়োজিত এই অনুষ্ঠানটিত ৯০ শতাংশ ব্যৱসায়ীয়েই আছিল অনা অসমীয়া । অসমীয়াৰ বিহুৰ মাজত যে, ইমানখিনি জাতীয়তাবোধ, সম্পদ, সংস্কৃতি নিহিত হৈ আছে সেয়া আজি পৰ্যন্ত উপলব্ধি হোৱা নাছিল বুলি চেম্বাৰচ অৱ কমাৰ্চৰ সভাপতি ৰাজেশ জালানে মন্তব্য কৰে । ইফালে ব্যৱসায়ীসকলে এই বিহু উদযাপনৰ জৰিয়তে নিজকে এজন অসমীয়া বুলি পৰিচয় দি গৌৰৱ বোধ কৰা বুলিও উল্লেখ কৰে ।

উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইদৰে তেজপুৰত ব্যৱসায়ীসকলে আয়োজন কৰিলে মানুহ বিহু ।

লগতে পঢ়ক : সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.