টিংখাঙত ধুমুহাত গছ উভালি পৰাত তিনিগৰাকী মহিলাৰ মৃত্যু

author img

By

Published : Apr 15, 2022, 10:18 PM IST

three-women-died-when-tree-uprooted-in-storm-at-tingkhong

ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে অঘটন ৷ সমান্তৰালকৈ ধুমুহাত গছ উভালি পৰাত টিংখাঙত মৃত্যু হয় তিনিগৰাকী মহিলাৰ (Three women died when tree uprooted in storm)৷ আহত এগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ৷ ডিমা হাছাও জিলাতো ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন ৷

মৰাণ, 15 এপ্ৰিল : ব'হাগ বিহু আৰু নতুন বছৰৰ প্ৰথম দিনাটোতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে অঘটন ৷ টিংখাঙত প্ৰচণ্ড ধুমুহাত গছ উভালি গাত পৰাত মৃত্যু হয় তিনিগৰাকী মহিলাৰ (Three women died when tree uprooted in storm)। ইয়াৰে এগৰাকী গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, কৱৰস্থান চফা কৰি থাঁকোতে ধুমুহা অহাত বাঁহ গছৰ তলত আশ্ৰয় লৈছিল মহিলা চাৰিগৰাকীয়ে । কিন্তু বাঁহখিনি উভালি পৰাত মৃত্যু মুখত পৰে তিনিগৰাকী মহিলা ৷ পহিলা ব'হাগৰ দিনটোত আবেলি অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰিলে টিংখাঙত । মাত্ৰ কেইটিমান মুহূৰ্তৰ বাবে সৃষ্টি হোৱা এই ধুমুহা বৰষুণৰ বাবে টিংখাঙৰ বহু ঠাইত প্ৰকাণ্ড গছসমূহ উভালি পৰে ৷

ইফালে শুকুৰবাৰৰ দিনটোত প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলাত বিস্তৰ ক্ষতিসাধন হয় (Heavy damage caused by stormy rains in Dima Hassao) । প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গছ বাগৰি পৰাৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনত বিদ্যুৎ সেৱা সম্পূৰ্ণ ৰূপে বিকল হৈ পৰিছে ।

ইপিনে প্ৰচণ্ড বৰষুণৰ ফলতে শিলচৰ -সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰ তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে । শুকুৰবাৰে ৰাতিপুৱাৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু এন লেইকুলৰ সমীপৰ এছ কাৰ্ভত প্ৰচণ্ড ভূমিস্খলনৰ ফলত ঘাইপথৰ দুয়োফালে বহু যান-বাহন আৱদ্ধ হৈ পৰে । বৃহস্পতিবাৰে দিনৰভাগৰ পৰা ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ অব্যাহত আছে ।

লগতে পঢ়ক : ধুমুহা-বৰষুণত ডিমা হাছাওত বিস্তৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.