CM Himanta Biswa Sarma in Diphu: ডিফুত উৰণীয়া সেঁতুৰ ভূমি পূজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 15, 2022, 10:10 PM IST

CM Himanta Biswa Sarma in Diphu

দুদিনীয়া ভ্ৰমণসূচীৰে পহিলা ব’হাগৰ দিনটোত কাৰ্বি আংলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথম দিনটোতে ডিফুত ২৪৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন উৰণীয়া সেঁতুৰ ভূমি পূজাত অংশগ্ৰহণ কৰাৰ লগতে এক চেক বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে (Himanta Biswa Sarma takes part in Bhumi Puja in Diphu)৷

ডিফু, ১৫ এপ্ৰিল: ব’হাগৰ প্ৰথমটো দিনতে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকী ডিফু চহৰত উপস্থিত হৈ প্ৰথমেই ডিফু চহৰত ২৪৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া 1.3 কিল’মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণীয়া সেঁতুৰ ভূমি পূজাত অংশগ্ৰহণ কৰে (Himanta Biswa Sarma takes part in Bhumi Puja in Diphu)৷

ইয়াৰ পাছত ডিফুৰ জয়ছং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰি জিলাখনৰ ৩২ গৰাকী সাংবাদিকলৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আগবঢ়োৱা ১০ লাখ টকাৰ বীমাৰ প্ৰিমিয়াম, জিলাখনৰ নবীন-প্ৰবিণ লেখকসকললৈ বীমাৰ প্ৰিমিয়াম আৰু ২০১৭ চনৰ পৰা বৰ্তমানলৈকে আইনৰ স্নাতক হোৱা ৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে বিশেষকৈ জিলাখনৰ টেট যোগ্যতাপ্ৰাপ্ত ৮৮৪ ব্যক্তিৰ মাজত শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ডিফুত উৰণীয়া সেঁতুৰ ভূমি পূজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইয়াৰোপৰি ইতিমধ্যে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালবৰ্গলৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয় (Financial support to journalists family in Diphu)৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই আদৰণি ভাষণ দিয়া সভাখনত উপস্থিত থাকে সাংসদ হৰেণছিং বে’, মন্ত্ৰী যোগেন মোহন, বিধায়কসকল ক্ৰমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰুপছিং টেৰণ, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ উক্ত সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ ভাষণ প্ৰসংগত কয় যে, শিক্ষা জাতিৰ মেৰুদণ্ড স্বৰূপ ৷

তেওঁ কয় যে, শিক্ষাই সকলো ৷ দল-সংগঠনৰ দাবীৰ মৰ্মে তদানীন্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কাৰ্বি পৰিষদৰ টেট নিযুক্তি ক্ষমতা প্ৰদান কৰাৰ লগতে উক্ত শিক্ষকসকলৰ দৰমহাও পৰিষদে বহন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল ৷ আনহাতে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোক মংগলময় দিন আখ্যা দিয়াৰ লগতে ডিফুৰ পৰাই অসমবাসী ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয় যে, ৰাজ্য চৰকাৰে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত জিডিপি ৬ শতাংশকৈ মুঠ ১২ শতাংশ খৰছ কৰা হয়৷ উক্ত সময়ছোৱাত ২৪ খন মেডিকেল কলেজৰ ভিতৰত ৮ খন নিৰ্মীয়মান, ৮ খন নিৰ্মান সম্পূৰ্ণ আৰু ৮ খন নিৰ্মাণ হ’বলগীয়া আছে বুলি কয় ৷

ইয়াৰ জৰিয়তে ক'ভিড কালতো স্বাস্থ্যখণ্ডৰ উজ্জলময় প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ ১০ বছৰে কাৰ্বি আংলঙত বিকাশৰ নৱজাগৰণৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি কাৰ্বি আংলঙৰ উন্নয়নে নৱ দিগন্ত স্পৰ্শ কৰিছে বুলিও মন্তব্য কৰে৷ যিখন সমাজত শিক্ষা-সংস্কৃতি, যুৱ মানসিকতা আৰু খেলা-ধূলা নাথাকে সেই সমাজখনে প্ৰাণ পাই নুঠে ৷

গুণোৎসৱত কাৰ্বি আংলঙৰ ফলাফল উন্নত নহয়, শিক্ষাৰ গ্ৰহণৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ প্ৰতিহে ধাৱমান হোৱা দেখা গৈছে৷ শিক্ষক নিযুক্তি হৈছে যদিও চৰকাৰী বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী ব্যক্তিগত বিদ্যালয়লৈ গৈছে ৷ বাট-পথ, হাস্পতাল, চিকিংসা আদিৰ বাবে যেনেদৰে মুখ্যমন্ত্ৰী দায়বদ্ধ তেনদৰে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱাৰ বাবে শিক্ষকসকল দায়বদ্ধ বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

চৰকাৰৰ পৰা দৰমহা লৈ শিক্ষক স্কুললৈ নগ’লে তেওঁ সমাজৰ শত্ৰু ৷ দুৰ্গম এলেকাৰ বিদ্যালয়লৈ যাব নোৱাৰিলে নিযুক্তি পত্ৰ ল’ব নালাগে বুলি মন্তব্য তকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনেও কাকো দৰমহা দিয়া নাই, ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰেৰে দৰমহা পৰিশোধ কৰা হয় ৷ সেয়ে শিক্ষকসকলে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কাৰ্বিসকলেও অসমীয়া ভাষা ক’বলৈ শিকিব লাগে ৷ অসমীয়া, হিন্দীৰ লগতে ইংৰাজী ভাষা শিকি ল’লে অসম, ভাৰত আৰু বিশ্ব আমাৰ হ’ব মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৮৮৪ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক অভিনন্দন জনোৱাৰ লগতে এইসকল শিক্ষকে শৈক্ষিক জীৱনৰ শ্ৰীবৃদ্ধি আৰু জনজীৱনলৈ অৰিহণা যোগাব বুলি কয় (Himanta Biswa Sarma congratulates TET passed teacher in Diphu)৷

যোৱা ১২ এপ্ৰিলত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জনজাতীয় বিশ্বাস আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত বিশাল জনজাতীয় সমাৰোহত নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ জ্ঞানেন্দ্ৰ বৰ্মণে ধৰ্মান্তৰিত হোৱা জনজাতীয় লোকসকলৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিব লাগে বুলি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, তেনে ব্যক্তিৰ লগত ৰাজ্য চৰকাৰ, বিজেপি আৰু ইয়াৰ কৰ্মীসকলৰ দূৰ-দূৰণিলৈকে সম্পৰ্ক নাই ৷

মানুহৰ মাজত একতা হোৱাটো তেওঁ বিচাৰে ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিশেষকৈ জনজাতিসকলৰ মাজত সম্প্ৰীতি কামনা কৰাৰ লগতে জনজাতিসকলৰ কোনো ধৰণৰ সংঘাত সৃষ্টি নোহোৱাকৈ মিলা-প্ৰিতীৰে থাকিব লাগে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷

লগতে পঢ়ক: সমুখত GMC নিৰ্বাচন : কেনে গৈছে ছুটী নোপোৱা মন্ত্ৰীৰ বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.