Ranbir Alia Wedding: প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা-দীপিকাৰ

author img

By

Published : Apr 15, 2022, 6:47 PM IST

Ranbir Alia Wedding

অৱশেষত স্বামী-স্ত্ৰীৰ সম্পৰ্কত বান্ধ খালে ৰণবীৰ-আলিয়া ৷ বলীউডৰ বহুল চৰ্চিত বিয়াখন অৱশেষত হ’লগৈ (Ranbir Alia Wedding) ৷ পাপাৰাজী, অনুৰাগীৰ পৰা বলীউড তাৰকালৈকে সকলোৱে দুয়োকে সামাজিক মাধ্যমত যাচিছে শুভেচ্ছা (Wedding wishes to Ranbir Alia) ৷ কিন্তু দুটা বিশেষ শুভেচ্ছা বাণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

চিটাৰা ডেস্ক, 15 এপ্ৰিল: ৰণবীৰ আলিয়াৰ বিয়াৰ ফটো এতিয়া সামাজিক মাধ্যমত উপলব্ধ হৈ পৰিছে ৷ দুয়োৰে বিয়াৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলে লৈছে স্বস্তিৰে নিশ্বাস ৷ বিয়াৰ ফটোসমূহ দেখি অনুৰাগীসকল হৈ পৰিছে আৱেগিক ৷ সামাজিক মাধ্যমত হিয়া উজাৰি শুভেচ্ছা যাচিছে দুয়োকে ৷

অনুৰাগীৰ লগতে বলীউড তাৰকা সকলেও ৰণবীৰ আলিয়াৰ ফটো সমূহ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰি দুয়োলৈকে যাচিছে শুভেচ্ছা ৷ কিন্তু তাৰ মাজতে নেটিজেনৰ চকু গৈছে দুটা বিশেষ শুভেচ্ছা বাণীলৈ (Wedding wishes to Ranbir Alia) ৷ সেইয়া হৈছে ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা কেটৰিণা আৰু দীপিকাৰ শুভেচ্ছা বাণী ৷

বিয়াৰ পিছতেই আলিয়াই ইনষ্টাগ্ৰামৰ জৰিয়তে এই শুভ বাৰ্তাটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ আলিয়াৰ পোষ্টটো বলীউড তাৰকা সকলৰ শুভকামনাৰে উপচি পৰিছিল ৷ পোষ্টোটত বলীউডৰ দুগৰাকী শীৰ্ষ অভিনেত্ৰী তথা ৰণবীৰৰ প্ৰাক্তন প্ৰেমিকা দীপিকা আৰু কেটৰিণাইয়ো শুভবাৰ্তা প্ৰদান কৰিছিল ৷

Ranbir Alia Wedding
প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা দীপিকাৰ

পোষ্টটোত কমেণ্ট কৰাৰ পিছতো কেটৰিণাই দুয়োৰে ফটো নিজৰ ইনষ্টা ষ্টোৰীত ৰঙা হাৰ্ট ইম’জীৰে শ্বেয়াৰ কৰি লিখিলে, অল দ্য লাভ এণ্ড হেপিনেছ ৷ দীপিকাই অৱশ্যে আলিয়াৰ পোষ্টত কমেণ্ট কৰিয়েই সামৰণি মাৰিলে (Ranbir Alia wedding updates) ৷

Ranbir Alia Wedding
প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা দীপিকাৰ

অনুৰাগীয়ে সামাজিক মাধ্যমত খুব পছন্দ কৰিছে দুই অভিনেত্ৰীৰ এই ব্যৱহাৰ ৷ উল্লেখ যোগ্য যে ৰণবীৰ দীপিকা আৰু কেটৰিণাৰ লগত প্ৰেমৰ সম্পৰ্কৰ বাতৰিয়ে বহু সময় ধৰি চৰ্চাত আছিল ৷

লগতে পঢ়ক: Ranbir Alia Wedding: ৰণবীৰ আলিয়াৰ মেহেন্দীত কাক দেখি চকু থৰ লাগিল সকলোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.