অসম

assam

Assam Badminton Tournament: ভাৰতীয় সেনাৰ উদ্যোগত ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতা

By

Published : Jun 19, 2023, 9:42 PM IST

তিনিচুকীয়াত ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অসম চৰকাৰ আৰু অসম বেডমিণ্টন সন্থাৰ সহযোগত আয়োজন কৰা হয় ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতা । ১৯ জুনৰ পৰা ২২ জুনলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত প্ৰথম ৰাউণ্ডৰ ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

Red Shield Assam Badminton Tournament in Tinsukia
ভাৰতীয় সেনাৰ উদ্যোগত ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতা

ভাৰতীয় সেনাৰ উদ্যোগত ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতা

তিনিচুকীয়া,১৯ জুন: অসমৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু ফিটনেছৰ মনোভাৱক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অসম চৰকাৰ আৰু অসম বেডমিণ্টন সন্থাৰ সহযোগত আয়োজন কৰা হয় ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতাৰ ।

ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানৰ উদ্যোগত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আজি তিনিচুকীয়া হিজুগুৰি ৰেলৱে ইনড'ৰ ষ্টেডিয়ামত শুভ উদ্বোধনী কৰা হয় ৷ ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত ১৯ জুনৰ পৰা ২২ জুনলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত প্ৰথম ৰাউণ্ডৰ ৰেড শ্বিল্ড অসম বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰাজ্যৰ নৱ-নৱ আৰু উদীয়মান খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আৰু প্ৰকৃত সম্ভাৱনাক উপলব্ধি কৰাৰ সুযোগ প্ৰদান কৰিবলৈ এক মঞ্চ প্ৰদান কৰা । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ উপৰি ব্ৰিগেডিয়াৰ কৃপাল সিং, ডি আৰ এম তিনিচুকীয়া উত্তম প্ৰকাশ, এছ বি আই ডি জি এম ডিব্ৰুগড় আফতাব আহমেদ মল্লিক, তিনিচুকীয়া ক্ৰীড়া সংন্থাৰ উপ সভাপতি প্ৰণৱ বৰুৱা, সেনাবাহিনীৰ বহুকেইজন বিষয়া উপস্থিত থাকে ।

কাৰ্যসূচীৰ অংশ হিচাপে বিহু নৃত্য আৰু অন্যান্য স্থানীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়, যিবোৰ উপস্থিত বিষয়াসকলৰ লগতে দৰ্শকে উপভোগ কৰে । ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই বেডমিণ্টনৰ শ্বট মাৰি প্ৰতিযোগিতাই উদ্বোধন কৰে । উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ লগতে যুৱক-যুৱতীকে ধৰি দৰ্শকৰ পৰা আপ্লুত সঁহাৰি লাভ কৰে ।

সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্যৰ লগতে অন্যান্য স্থানীয় অনুষ্ঠানৰ আয়োজন কৰা হয় । এই বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সকলো জিলাৰ পৰা মুঠ ২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । ১৭ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব য'ত ল'ৰা আৰু ছোৱালী উভয়কে অন্তৰ্ভুক্ত কৰা হয় ।

এই উপলক্ষে বিধায়ক ৰূপেশ গোৱালাই কয় যে ভাৰতীয় সেনা আৰু অসম বেডমিণ্টন সন্থাই এই প্ৰতিযোগিতাখন আয়োজন কৰাটো এক প্ৰশংসনীয় প্ৰচেষ্টা । ইয়াৰ ফলত পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি হোৱাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া সম্পৰ্কে সজাগতাও সৃষ্টি হ'ব ।

লগতে পঢ়ক:AASU demanding development of Rangapara:কদৰ্য ৰূপত ৰঙাপৰা, আছুৰ বিক্ষোভ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details