ETV Bharat / state

AASU demanding development of Rangapara:কদৰ্য ৰূপত ৰঙাপৰা, আছুৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Jun 19, 2023, 7:37 PM IST

ৰঙাপৰাত জৰাজীৰ্ণ পথ, বিধ্বস্ত নলা-নৰ্দমা উন্নীতকৰণ আৰু বিভিন্ন সমস্যাৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ।

AASU protest in Rangapara
ৰঙাপৰাত জৰাজীৰ্ণ পথ

আছুৰ বিক্ষোভ কাৰ্যসূচী

ৰঙাপৰা, 19 জুন : বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, ঠিকাদাৰ প্ৰভু আগৰৱালা হায় হায়, লোক নিৰ্মাণ বিভাগ হায় হায়, ৰঙাপৰা-বিন্দুকুৰি সংযোগী পথচোৱা অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰক, ঠিকাদাৰ প্ৰভু আগৰৱালা লেই লেই ছেই ছেই, বিধ্বস্ত পথটি অতি শীঘ্ৰেই নিৰ্মাণৰ ব্যৱস্থা কৰক, ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে সোমবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে । আজি দিনৰ ১১ বজাত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিকূল বতৰৰ মাজতে ৰঙাপৰা-বালিপুখুৰী তিনিআলি পথচোৱা অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰে পৰিৱেশ উত্তাল কৰি তোলে ।

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্তসকলক তিনিদিনৰ ভিতৰত ৰাজপথৰ মাজত সৃষ্টি হোৱা গাঁত পুতি পেলোৱা আৰু পথৰ কাষত থকা উন্মুক্ত নলাবোৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল সেইসময়তে ৰঙাপৰা-বিন্দুকুৰি-বালিপুখুৰী তিনিআলি সংযোগী পথটিৰ মাজত সৃষ্টি হোৱা গাঁতটোৱে সকলোকে জলা-কলা খুৱাইছে৷ ৰঙাপৰা-বিন্দুকুৰি-বালিপুখুৰী তিনিআলি সংযোগী পথটিৰ মাজত সৃষ্টি হোৱা গাঁতৰ বাবে ৰাইজে দীৰ্ঘদিনৰে পৰা যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হোৱাৰ অভিযোগ উঠিছে । ঠিকাদাৰ প্ৰভু আগৰৱালাৰ মইমতালি আৰু লোক নিৰ্মাণ বিভাগৰ চূড়ান্ত গাফলতিৰ বাবে ৰঙাপৰা চহৰৰ মাজ মজিয়াত জমা হোৱা বৰষুণৰ পানী গছকি যাত্ৰী তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰিবলৈ বাধ্য হোৱাৰ আন এক অভিযোগ উঠিছে ।

সোমবাৰে প্ৰতিবাদস্থলীত ৰঙাপৰা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া উপস্থিত হোৱাত তেখেতৰ জৰিয়তে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস শৰ্মা আৰু সাধাৰণ সম্পাদক জিণ্টু ৰাম বড়ো স্বাক্ষৰিত এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলাৰ আয়ুক্তগৰাকীলৈ প্ৰেৰণ কৰা হয় । স্মাৰক পত্ৰখনত উল্লেখ কৰে যে বিগত কেইবাবছৰ ধৰি নিৰ্মাণ কাৰ্য চলি থকা ৰঙাপৰা-বিন্দুকুৰি-বালিপুখুৰী তিনিআলি সংযোগী পথটি এতিয়ালৈকে নিৰ্মাণ হোৱা নাই । বিশেষকৈ ৰঙাপৰা চহৰ অঞ্চলৰ অংশ ভাগ আজিও নিৰ্মাণ নোহোৱাত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে ।

তাৰোপৰি ঠিকাদাৰজনে এটা গুৰুত্বপূৰ্ণ কালভাৰ্ট নিৰ্মাণ নকৰাত ৰঙাপৰাত কৃত্ৰিম বানৰ সম্ভাৱনা প্ৰকট হৈছে । লগতে ৰঙাপৰা চহৰখনত জাৱৰ-জোঁথৰ পেলোৱাৰ বাবে এতিয়ালৈকে কোনো স্থায়ী ঠাই নথকাৰ ফলত বহু সময়ত চহৰখনত কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ আহিছে । জিলা আয়ুক্তগৰাকীক জাৱৰ-জোঁথৰ পেলোৱাৰ ব্যৱস্থা কৰা আৰু ৰঙাপৰাত উপযুক্ত পাৰ্কিঙৰ ঠাই নথকাৰ বাবে বিভিন্ন সময়ত সৃষ্টি হৈ অহা যান-জঁটৰ সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰা হয় । স্মাৰকপত্ৰখনত সদৌ অসম ছাত্ৰ সন্থাই ৰঙাপৰাত ল'ৰা-ছোৱালীসকলে খেলা-ধূলা কৰাৰ বাবে এখন উপযুক্ত খেলপথাৰ নথকাৰ দিশটোও উল্লেখ কৰে । প্ৰতিবাদস্থলীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কুনাল বসুমতাৰী, সাংগঠনিক সম্পাদক বাপন দাস বড়ো, ক্ৰীড়া সম্পাদক অভিনাশ বৰা, ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস শৰ্মা, সাধাৰণ সম্পাদক জিণ্টু ৰাম বড়ো উপস্থিত থাকে ।

লগতে পঢ়ক : BJP Maha jan Sampark Abhiyan: মহা জন সম্পৰ্ক অভিযান; তিতাবৰত ৰাজ্যিক যুৱ মৰ্চাৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.