অসম

assam

Illegal liquor seized: তিনিচুকীয়াত অবৈধ সুৰা বিৰোধী অভিযান; জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:12 PM IST

অবৈধভাৱে সৰবৰাহ অথবা বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগৰ লগতে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে বুধবাৰে তিনিচুকীয়াত চলিল অবৈধ সুৰা বিৰোধী অভিযান । উক্ত অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা । লগতে ধ্বংস কৰে কেইবাটাও চুলাই ভাটি ।

Illegal liquor seized in Tinsukia
তিনিচুকীয়াত অবৈধ সুৰা বিৰোধী অভিযান; জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

তিনিচুকীয়াত আৰক্ষী-আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

তিনিচুকীয়া,১১ অক্টোবৰ:তিনিচুকীয়া চহৰখনৰ লগতে নিকটৱৰ্তী মফচলীয়া অঞ্চলসমূহত বিলাতী সুৰাৰ লগতে চুলাই মদৰ এক বৃহৎ বজাৰ গঢ় লৈ উঠিছে । ঠায়ে ঠায়ে অৰুণাচলী সুৰাৰ প্ৰচলনো বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে । আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ে এই অবৈধ সুৰাৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে যদিও বন্ধ তথা নিয়ন্ত্ৰণ কৰিব পৰা নাই এই ব্যৱসায় ।

ইয়াৰ মাজতে বুধবাৰে তিনিচুকীয়া সদৰত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে । তদুপৰি অভিযানকাৰী দলটোৱে কেইবাটাও চুলাই ভাটি ধ্বংস কৰে । আবকাৰী বিভাগৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি, দিনৰ ভাগত তিনিচুকীয়া সদৰ আবকাৰী বিভাগৰ নেতৃত্বত চিআৰপিএফৰ ৬৮ নং বেটেলিয়ানৰ সশস্ত্ৰ জোৱান আৰু গুইজান আৰক্ষী চকীৰ এটা বৃহৎ দলে গুইজান আৰু বাৰেকুৰি এলেকাৰ নতুন গাঁও, বৰগাঁও, ভেৰজান আদি গাঁৱৰ মুঠ ১১ টা স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় সাত হেজাৰ লিটাৰ চুলাই মদ বনোৱা গেলাপাছ আৰু প্ৰায় ১১০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ১০ টা চুলাই ভাটি উচ্ছেদ কৰে ।

তাৰ পাছতে অবৈধ সুৰাৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান চলে তিনিচুকীয়া সদৰৰ চহৰত । সন্ধিয়াৰ ভাগত সদৰ আবকাৰীৰ লগতে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু তিনিচুকীয়া সদৰ থানাৰ প্ৰভাৰীৰ লগতে সশস্ত্ৰ আৰক্ষীৰ এটা দলে চহৰখনৰ অসামৰিক চিকিৎসালয়ৰ সমীপত, গেলাপুখুৰী বাইপাছত থকা গেলাপুখুৰী ধাবা, পৰ্বতীয়া আদিত অভিযান চলাই কেইবা হেজাৰ টকা মূল্যৰ বিলাতী আৰু দেশীয় সুৰা জব্দ কৰা বুলি সদৰ আবকাৰী বিভাগে এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰাৰ লগতে অনাগত দিনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হ'ব বুলি সদৰী কৰে ৷

লগতে পঢ়ক:Illegal Arunachali liquor seized: বিশ্বনাথত 8 লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

ABOUT THE AUTHOR

...view details