অসম

assam

Love Jihad case at Misamari: প্ৰলোভন দি দুই হিন্দু কিশোৰীক পলুৱাই নিলে দুই মুছলমান যুৱকে

By

Published : Jan 19, 2023, 9:09 PM IST

Two Muslim youths married two Hindu girls at Misamari
প্ৰলোভন দি দুই হিন্দু কিশোৰীক পলুৱাই নিলে দুই মুছলমান যুৱকে

পুনৰ ৰাজ্যত লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ মিছামাৰীত দুজন মুছলমান যুৱকে একে গাঁৱৰে দুগৰাকী হিন্দু কিশোৰীক প্ৰেমৰ জালত পেলাই পৃথকে পৃথকে পলুৱাই লৈ যায় ৷ সম্প্ৰতি আৰক্ষীৰ জালত দুই যুৱক (Two youth arrested for love jihad) ৷

হিন্দু কিশোৰীক পলুৱাই নিলে দুই মুছলমান যুৱকে

তেজপুৰ, 19 জানুৱাৰী:শোণিতপুৰ জিলাৰ মিছামাৰীত লাভ জেহাদৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Love Jihad case in Assam) ৷ দুগৰাকী কিশোৰীক বিভিন্ন প্ৰলোভন দি দুই মুছলমান যুৱকে পলুৱাই অনাৰ ঘটনা পোহৰলৈ আহিছে (Love Jihad case at Misamari) ৷ ইতিমধ্যে দুজন মুছলমান যুৱকক আটক কৰিছে আৰক্ষীয়ে (Two youth arrested for love jihad) ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma on Love jihad) লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ কথা কৈ অহাৰ সময়তে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে লাভ জেহাদৰ ঘটনা । এইবাৰ শোণিতপুৰত সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা । অভিযোগ অনুসৰি মুছলমান সম্প্ৰদায়ৰ দুজন যুৱকে দুগৰাকী হিন্দু যুৱতীৰ লগত প্ৰথমে বন্ধুত্ব কৰে ৷ তাৰ পিছতে এই বন্ধুত্বৰ সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হয় ৷

তাৰ পিছতেই যোৱা ১৬ জানুৱাৰীত এই প্ৰেমক সমাজৰ আগত স্বীকৃতি দিবলৈ বুলি দুই যুৱকে দুয়োগৰাকী কিশোৰীক ছলে বলে পলুৱাই আনে ৷ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাৰিদুৰীয়া গাঁৱৰ নিৱাসী বাবুল হুছেইনৰ পুত্ৰ চাদ্দাম হুছেইনে (১৯) ১৬ বছৰীয়া কিশোৰীগৰাকীক আৰু যোৱা ১৭ জানুৱাৰীত চাৰিদুৰীয়া গাঁৱৰ নিৱাসী আব্দুল আহমেদৰ পুত্ৰ নুৰ হুছেইনে (১৬) একেখন গাঁৱৰে সমবয়সীয়া হিন্দু কিশোৰীগৰাকীক পলুৱাই লৈ যায় ৷

লগতে পঢ়ক:Girls molested in rajdhani express: ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত সেনাৰ উৎপীড়নৰ বলি দুই ছাত্ৰী

এই খবৰ পোহৰলৈ অহাৰ লগে লগে মিছামাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কিশোৰী দুগৰাকীক অপহৰণ কৰি নিয়া বুলি পৃথকে পৃথকে মিছামাৰী থানাত এজাহাৰ দাখিল কৰিছিল (FIR against love Jihad)। এজাহাৰখন পোৱাৰ পাছতে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই অভিযান চলাই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিব সক্ষম হয় । মিছামাৰী আৰক্ষীয়ে ৫/২৩ আৰু ৬/২৩ নম্বৰত আৰু ভাৰতীয় দণ্ড বিধি আইন ৩৬৬ (এ) ধাৰাত গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে দুই অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে (Two youth arrested for love jihad)।

উল্লেখ্য যে একাংশ মুছলমান সম্প্ৰদায়ৰ যুৱকে কেতিয়াবা নিজৰ পৰিচয় গোপনে ৰাখি বা বিভিন্ন প্ৰলোভন দি একাংশ হিন্দু যুৱতীক প্ৰেমৰ জালত পলাই অহাটো সৰ্বজনবিদিত । সম্প্ৰতি মিছামাৰী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Bicycle thief arrested : বিলাসী চুৰি চাইকেলসহ চোৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details