Bicycle thief arrested : বিলাসী চুৰি চাইকেলসহ চোৰক গ্ৰেপ্তাৰ

By

Published : Jan 19, 2023, 5:36 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Thief terror in Assam)। পিছে চোৰৰ বিৰুদ্ধে এইবাৰ যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা । লিচুবাৰী আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ হৈছে ১২ খনকৈ চুৰি বিলাসী চাইকেল (12 stolen luxury bicycles rescued in Jorhat)। আৰক্ষীয়ে এটা চাইকেল চোৰকো আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে শেহতীয়াকৈ যোৰহাটত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । আনকি ঘৰৰ ভিতৰত থকা চাইকেলখনো সুৰক্ষিত নহয় । বিপণিৰ সন্মুখত চাইকেলখন থৈ আপুনি কোনো সামগ্ৰীও ক্ৰয় কৰিব নোৱাৰে । যিকোনো মুহূৰ্ততে চাইকেল লৈ উধাও হ'ব চোৰ । জিলাখনত চোৰৰ উপদ্ৰৱৰ বাবে নিৰাপত্তাহীনতাত সৰ্বসাধাৰণ ৰাইজ । অৱশ্যে ইয়াৰ মাজতে যোৰহাট আৰক্ষীৰ চোৰৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানত জব্দ বহু কেইখন চুৰি চাইকেল (Jorhat police recovered stole bicycle)।

কিছুদিন পূৰ্বে যোৰহাটৰ এগৰাকী ব্যক্তিয়ে লিচুবাৰী আৰক্ষী চকীত চাইকেল চুৰিৰ এক গোচৰ ৰুজু কৰিছিল । উক্ত গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । অভিযানত আৰক্ষীয়ে যোৰহাট, লিচুবাৰীকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰে ১২ খন কৈ বিলাসী চুৰি চাইকেল (Police operation against bicycle thief)। লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ নাথৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি চাইকেলসমূহ ।

লক্ষণীয়ভাৱে বঙাইগাঁৱৰ পৰাও উদ্ধাৰ হৈছে যোৰহাটৰ পৰা চুৰি হোৱা এখন চাইকেল । চুৰি চাইকেলসহ আৰক্ষীয়ে এটা চোৰকো গ্ৰেপ্তাৰ কৰে (Bicycle thief arrested in Jorhat)। ধৃত চাইকেল চোৰটো কেন্দুগুৰিৰ গোহাঁইটেকেলাৰ ৰাজীৱ দাস বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে চুৰি হোৱা চাইকেলসমূহৰ একোখনৰ মূল্য ১০-৩০ হাজাৰ টকা । আনহাতে চুৰি চাইকেলবোৰ চোৰে মাত্ৰ ১৫০০-২০০০ টকাতে বিক্ৰী কৰে বুলিও জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে আগন্তুক দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰু অধিক চুৰি চাইকেল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.