Girls molested in rajdhani express: ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত সেনাৰ উৎপীড়নৰ বলি দুই ছাত্ৰী

author img

By

Published : Jan 18, 2023, 8:41 PM IST

girls molested in rajdhani express train two army personnel arrested

ৰক্ষকেই ভক্ষকৰ বেশত ! দিল্লী অভিমুখে যোৱা ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত দুই সুৰাসক্ত সেনা জোৱানৰ উৎপীড়নৰ বলি হ'ল দুগৰাকী ছাত্ৰী (girls molested in Rajdhani Express) ৷ দুই সেনা জোৱানক ৰে’ল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে ৷

ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত সেনাৰ উৎপীড়নৰ বলি দুই ছাত্ৰী

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত অঘটন (Dibrugarh Delhi Rajdhani Express incident)৷ বিহাৰৰ ছাপ্ৰাত ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত দুগৰাকী ছাত্ৰীক সুৰাসক্ত সেনা জোৱানে দুৰ্ব্যৱহাৰ কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (girls molested in Rajdhani Express )৷

ঘটনা অনুসৰি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে গৈ থকা ৰাজধানী এক্সপ্ৰেছত (Dibrugarh New Delhi Rajdhani Express)জৱাহৰ নবোদয় বিদ্যালয়ৰ (Jawahar Navodaya Vidyalaya) পৰা এদল শিক্ষাৰ্থীয়ে ভ্ৰমণৰ বাবে দিল্লীলৈ গৈ আছিল ৷ ছাত্ৰ-ছাত্ৰীৰ দলটো নিউ জলপাইগুৰি ষ্টেচনত ৰে’লখনৰ বি ১১ ডবাত উঠিছিল । নিৰাপত্তা বাহিনীৰ দুজন সেনা জোৱানো একেটা দবাতে যাত্ৰা কৰি আছিল ।

সুৰাসক্ত জোৱান দুজনে প্ৰথমে দুগৰাকী শিক্ষাৰ্থীক দেখি অশ্লীল বাক্য ব্যৱহাৰ কৰি জোকোৱাৰ লগতে তেওঁলোকৰ লগত যৌন উৎপীড়নৰ চেষ্টা কৰিছিল বুলি ছাত্ৰী দুগৰাকীয়ে বিদ্যালয়ৰ অধ্যক্ষৰ লগতে ঘৰৰ অভিভাৱকক অৱগত কৰে (two army personnel arrested in Chapra) ৷

লগতে পঢ়ক: Drugs seized: ডিব্ৰুগড়ত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এজন

লগে লগে শিক্ষাৰ্থী দুগৰাকীৰ অভিযোগৰ ভিত্তিত বিদ্যালয়ৰ কৰ্তৃপক্ষই ৰে’ল আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে ৷ অভিযোগ লাভ কৰিয়েই তৎক্ষণাৎ ছাপ্ৰা জংচনক জনোৱা হৈছিল (Chapra Crime News)। ৰেলখন ছাপ্ৰা জংচন পোৱাৰ লগে লগে জিআৰপিয়ে দুয়োজন সৈনিকক আজি তেওঁলোকৰ জিম্মাত লয় ৷ সম্প্ৰতি দুই জোৱানক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে (ITBP Jawan Arrested In Chapra) ৷ জানিবলৈ পোৱা মতে দুই জোৱানে সুৰাৰ নিচাত ছাত্ৰী দুগৰাকীৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল ৷

গ্ৰেপ্তাৰ কৰা এজন সৈনিক অমৰজিৎ সিং ডিব্ৰুগড়ত নিযুক্ত জম্মুৰ বাসিন্দা । আনজন মুকেশ কুমাৰ সিং অৰুণাচল প্ৰদেশৰ আইটিবিপিত নিযুক্ত পঞ্জাৱৰ বাসিন্দা । ছাপ্ৰাৰ এছএইচঅ' ৰাজেশ কুমাৰ সিঙে ঘটনা সন্দৰ্ভত কয় যে দুই জোৱানৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত চলি আছে বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: Child was taken out of grave : কবৰৰ পৰা উলিয়াই চিকিৎসালয়ত ভৰ্তি এটি শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.