Drugs seized: ডিব্ৰুগড়ত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এজন

By

Published : Jan 17, 2023, 7:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Assam police raid against drugs) । ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিল বুজন পৰিমাণৰ ড্ৰাগছসহ এজন(One person arrested with drugs in Dibrugarh) । মঙলবাৰে গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ডিব্ৰুগড়ৰ উপ-আৰক্ষী অধীক্ষক অংকুৰ জ্যোতি বৰাৰ(DSP Ankur Jyoti Bora) নেতৃত্বত চলোৱা অভিযানত চহৰখনৰ মিলন নগৰস্থিত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা জব্দ কৰে ৫ গ্ৰাম ড্ৰাগছ(Drugs seized in Dibrugarh) । 

শিৱসাগৰৰ পৰা বিক্ৰীৰ বাবে অনা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ভূপেন তালুকদাৰ নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষী । ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে । ৰাজ্যবাসী ভোগালীৰ আনন্দত মতলীয়া হৈ থকা সময়ত এইদৰে ডিব্ৰুগড় নগৰৰ মাজমজিয়াত ড্ৰাগছ উদ্ধাৰ হোৱাৰ ঘটনাই প্ৰমাণ কৰিছে ডিব্ৰুগড়ত জিলাত বৰ্তমানো অবাধে চলি আছে ড্ৰাগছৰ সৰবৰাহ । 

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যদিও ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । নতুন বছৰ আৰম্ভ হোৱাৰ পাছতেই পুনৰ একাংশ ড্ৰাগছ সৰবৰাহকাৰী ডিব্ৰুগড়ত সক্ৰিয় হৈ উঠাটো পুনৰ প্ৰমাণিত হৈছে । ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পাছতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.