ETV Bharat / state

এশ দিনো তিষ্ঠি থাকিব নোৱাৰিব এই চৰকাৰ; কিয় ক’লে অজিত কুমাৰ ভূঞাই ? - Parag Kumar Das Death Anniversary

Parag Kumar Das Death Anniversary: সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীত নগাঁৱত কলমৰ দিন উদযাপন । পৰাগ কুমাৰ দাসক সুঁৱৰি নগাঁৱৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ । কিয় কেইবাবৰো কাৰাগাৰ খাবলগীয়া হৈছিল অজিত কুমাৰ ভূঞাই ? ভাষণত কি ক'লে সাংসদগৰাকীয়ে ।

Parag Kumar Das Death Anniversary
সাংসদ অজিত কুমাৰ ভূঞা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024 at 10:46 PM IST

2 Min Read
Choose ETV Bharat
সাংসদ অজিত কুমাৰ ভূঞা (ETV BHARAT ASSAM)

নগাঁও, ১৭ মে': "নিষ্ঠাবান আৰু সাহসী সাংবাদিকৰ মাজত আছে পাৰ্থক্য । সাংবাদিক এগৰাকীৰ সাহস নাথাকিবও পাৰে, কিন্তু নিষ্ঠাবান হ'ব পাৰে ।" এই মন্তব্য ৰাজ্য়সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । শুকুৰবাৰে নগাঁৱৰ মতিৰাম বৰা আৱক্ষ মূৰ্তি ক্ষেত্ৰত নগাঁও নাগৰিক সভাৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস 'কলমৰ দিন' হিচাপে উদযাপন কৰা হয় ।

"পৰাগ কুমাৰ দাসৰ স্মৃতিত অস্ত্ৰতকৈ কলম শক্তিশালী" শীৰ্ষক এক বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এসময়ৰ সতীৰ্থ সাংবাদিক পৰাগ কুমাৰ দাসক সুঁৱৰি বৰ্তমান সাংবাদিকতাত সাহসিকতাৰ প্ৰয়োজনীয়তাৰ প্ৰসংগ উল্লেখ কৰে অজিত কুমাৰ ভূঞাই ।

সাংবাদিকসকল ঐক্যবদ্ধ নহ'লে শাসক পক্ষক দমন কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই । ভাষণ প্ৰসংগত পৰাগ কুমাৰ দাসৰ সৈতে অজিত কুমাৰ ভূঞাই ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰযন্ত্ৰৰ অত্যাচাৰক প্ৰত্যাহ্বান জনোৱা বুলি মন্তব্য কৰে । তেওঁ শাসকপক্ষৰ সৈতে আপোচ নকৰা বাবেই সেই সময়ত অজিত কুমাৰ ভূঞাক কেইবাবাৰো গ্ৰেপ্তাৰ কৰাই নহয় হত্যাৰ পৰিকল্পনা কৰা হৈছিল বুলিও মন্তব্য কৰে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শাসনলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰি পৰৱৰ্তী সময়ৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনতেই পৰাগ কুমাৰ দাসক হত্যা কৰাৰ উপৰি অজিত কুমাৰ ভূঞাক গ্ৰেপ্তাৰ কৰি হত্যাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ বৰ্তমান প্ৰফুল্ল কুমাৰ মহন্তৰ ইতিহাসত কোনো স্থান নাই বুলিও মন্তব্য কৰে ।

ইপিনে,চৰকাৰক সমালোচনা কৰি কয় যে সাংবাদিকৰ সততা আৰু নিৰ্বাচন আয়োগ, ই ডি, চি বি আইয়ে স্বতন্ত্ৰভাৱে কাম কৰিলে বৰ্তমানৰ চৰকাৰ এশ দিনো তিষ্ঠি থাকিব নোৱাৰিব ।

উল্লেখযোগ্য যে, নগাঁও নাগৰিক সভাৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিনটোক উদযাপন কৰা কলমৰ দিনত নগাঁৱৰ সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে নাগৰিক সভাৰ হৈ অজিত কুমাৰ ভূঞাই । এই অনুষ্ঠানটোত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নগাঁও নাগৰিক সভাৰ সভাপতি গুণীন্দ্ৰ গায়ন, কাৰ্যকৰী সভাপতি অমৰেন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক বিৰিঞ্চি বৰা, উপ সভাপতি দুলাল বৰা, নগাঁও জিলা এন এছ ইউ আইৰ সভাপতি পল্লব নাথ উপস্থিত থাকে ।

লগতে পঢ়ক:চিত্ৰ শিল্পৰ মাধ্যমেৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি চিত্ৰশিল্পীৰ - Death Anniversary Of Parag Das

সাহসী কণ্ঠ পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু দিৱস পালন - Parag Kumar Das Death Anniversary