ETV Bharat / bharat

Child was taken out of grave : কবৰৰ পৰা উলিয়াই চিকিৎসালয়ত ভৰ্তি এটি শিশুক

author img

By

Published : Jan 18, 2023, 5:17 PM IST

Child was taken out of grave
কবৰৰ পৰা উলিয়াই চিকিৎসালয়ত ভৰ্তি এটি শিশুক

লক্ষ্ণৌত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । তান্ত্ৰিকৰ নিৰ্দেশত পৰিয়ালে কবৰৰ পৰা উলিয়াই আনিলে ৩ বছৰীয়া শিশুৰ মৃতদেহ (Child was taken out of grave)। তান্ত্ৰিক আৰু পৰিয়ালে দাবী কৰা মতে শিশুটো জীয়াই আছে । আৰক্ষীয়ে শিশুটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক আচৰিত ঘটনা সংঘটিত হৈছে । পৰিয়ালে কবৰৰ পৰা উলিয়াই আনিলে এটি শিশুৰ মৃতদেহ । পৰিয়ালৰ দাবী- শিশুটো জীয়াই আছে । এগৰাকী তান্ত্ৰিকৰ কথা মতে পৰিয়ালটোৱে কবৰৰ পৰা উলিয়াই আনিলে শিশুটি (Child was taken out of grave)।

এই ঘটনাটো সংঘটিত হৈছে লক্ষ্ণৌৰ চৈদপুৰ মাহাৰী গাঁৱত । জানিব পৰা মতে চিকিৎসকে তিনি বছৰীয়া শিশুটিক মৃত বুলি ঘোষণা কৰিছিল । ইয়াৰ পাছত, পৰিয়ালটোৱে তেওঁক কবৰত সমাধিস্থ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এগৰাকী তান্ত্ৰিকৰ নিৰ্দেশত কবৰ খনন কৰি পুনৰ শিশুটোক বাহিৰলৈ উলিয়াই অনা হয় । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । অৱশ্যে বৰ্তমানে, শিশুটো মৃত নে জীৱিত সেয়া স্পষ্ট হোৱা নাই ।

চৈদপুৰ মাহৰীৰ বাসিন্দা সুনীল ৰাৱট আৰু পূজা ৰাৱটৰ পুত্ৰ তিনিবছৰীয়া অক্ষত কেইবাদিনো অসুস্থ আছিল । শনিবাৰে সন্ধিয়া শিশুটোৰ মৃত্যু হৈছিল । দেওবাৰে, পৰিয়ালটোৱে শিশুটোক গাওঁখনৰে প্ৰাথমিক বিদ্যালয়ৰ পিছফালে থকা কবৰত সমাধিস্থ কৰে । ইফালে, সোমবাৰে নিশা মাতৃ পূজাই সপোনত দেখিছিল যে তেওঁৰ সন্তান জীয়াই আছে (Shocking incident in Lucknow)।

ইয়াৰ পাছতে, পিতৃ সুনীলে এগৰাকী তান্ত্ৰিকৰ সৈতে কথা পাতিছিল । তান্ত্ৰিকে কৈছিল যে তেওঁলোকৰ পুত্ৰ জীয়াই আছে । তান্ত্ৰিকৰ কথা মতেই পৰিয়ালটোৱে শিশুটোৰ মৃতদেহ কবৰৰ পৰা উলিয়াই আনে । পৰিয়ালৰ লোকসকলে দাবী কৰা মতে কবৰৰ পৰা উলিয়াই অনাৰ সময়ত শিশুটোৰ শৰীৰ গৰম আছিল ।

ইফালে গাওঁখনৰ একাংশ লোকে কোৱা মতে পৰিয়ালটোৱে স্থানীয় তান্ত্ৰিকৰ সৈতে কথা পতাৰ পাছতে তান্ত্ৰিকজনক কবৰলৈ লৈ গৈছিল । তান্ত্ৰিকজনে প্ৰথমে শিশুটোৰ কবৰত উপাসনা কৰিছিল । তাৰ পাছত তেওঁ কবৰ খনন কৰিছিল আৰু শিশুটোক উলিয়াই আনিছিল । তান্ত্ৰিকজনে শিশুটোক ঘৰলৈ অনাৰ বাবে মন্ত্ৰ উচ্চাৰণ কৰিছিল । সেই সময়তে গাওঁবাসীয়ে আৰক্ষীক খবৰ দিছিল । কিন্তু আৰক্ষী উপস্থিত হোৱাৰ লগে লগে তান্ত্ৰিকজনে পলায়ন কৰে ।

স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুখবীৰ সিং ভাদাউৰিয়াই ঘটনা সন্দৰ্ভত কয় যে গাওঁবাসীৰ খবৰৰ পাছতে তেওঁ নিজেই আৰক্ষীৰ এটা দলৰ সৈতে উক্ত চৈদপুৰ মাহৰী গাঁৱত উপস্থিত হয় । তেওঁলোকে যেতিয়া পৰীক্ষা কৰিছিল শিশুটোৰ শৰীৰ গৰম আছিল । আৰক্ষীয়ে লগে লগে শিশুটোক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অৱশ্যে ৩ বছৰীয়া শিশুটো জীয়াই আছে নে নাই এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই । ইয়াৰ মাজতে বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে এয়া আচলতে অন্ধবিশ্বাস নে সঁচাকৈয়ে শিশুটো জীয়াই আছে !

লগতে পঢ়ক :Nepal plane crash: সন্ধানহীন যাত্ৰীক বিচাৰি নেপালত অব্যাহত উদ্ধাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.