ETV Bharat / state

কেৰালালৈ যোৱাৰ বাটতে নিখোঁজ শিৱ - ASSAM YOUTH MISSING

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 7:37 PM IST

Assam Youth Missing in Kerala: পেটৰ তাগিদাত বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন হ’ল এগৰাকী অসমৰ লোক ৷ নামৰূপৰ ৰাঙলীৰ পৰা কেৰালালৈ গৈ থকা অৱস্থাত ৰে’লৰ পৰাই সন্ধানহীন হয় শিৱ দুৱৰা (নালিয়া) নামৰ এগৰাকী লোক ৷

ASSAM YOUTH MISSING FROM TRAIN WHILE TRAVELLING TO KERALA
পুনৰ কেৰালালৈ গৈ থাকোতে ৰে'লৰ পৰা সন্ধানহীন অসমৰ যুৱক (etv bharat assam)

পুনৰ কেৰালালৈ গৈ থাকোতে ৰে'লৰ পৰা সন্ধানহীন অসমৰ যুৱক (etv bharat assam)

মৰাণ, 17 মে’ : বৰ্তমান সময়ত কৰ্মসংস্থাপন বিচাৰি অসমৰ পৰা বহিঃৰাজ্যলৈ অহা ব্যক্তি নিৰুদ্দিষ্ট হোৱা অথবা মৃত্যুৰ হোৱাৰ ঘটনা যথেষ্ট বৃদ্ধি হ’বলৈ ধৰিছে ৷ আজিকালি প্ৰতিদিনেই এনেধৰণৰ বাতৰিয়ে সংবাদমাধ্য়মৰ শিৰোনাম দখল কৰিবলৈ লৈছে ৷ বহুতো লোকে কামৰ তাগিদাত নিজা ঘৰখন এৰি গুচি যায় যদিও উভতি আহিবলৈ সক্ষম নহয় ৷ এনেবোৰ খবৰে অসমৰ ৰাইজক ব্যৰ্থিত কৰা সময়তে এইবাৰ পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে নামৰূপৰ এজন ব্যক্তি ।

কামৰ সন্ধানত নামৰূপৰ ৰাঙলীৰ পৰা কেৰালালৈ গৈ থকা অৱস্থাত ৰে’লৰ পৰা সন্ধানহীন হয় শিৱ দুৱৰা (নালিয়া) নামৰ ব্যক্তিজন । পৰিয়ালৰ লোকে জনোৱা অনুসৰি, শনিবাৰে অৰ্থাৎ 11 মে’ৰ নিশা ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেশ্যনৰ পৰা যাত্ৰা আৰম্ভ কৰা শিৱ দুৱৰাই ৷ তাৰ পিচৰে পৰা সোমবাৰৰ পুৱা পৰ্যন্ত পৰিয়ালৰ লগত যোগাযোগত আছিল শিৱ ।

লগতে পঢ়ক: কেৰালাত ৰহস্য়জনকভাৱে মৃত্য়ু কলিয়াবৰৰ যুৱকৰ - Kaliabor Youth Death In Kerala

কিন্তু তাৰ পিচতে তেওঁৰ লগত যোৱা সতীৰ্থই জনোৱা অনুসৰি বিজয়নগৰ জংচনত চাহ খাবলৈ নামিছিল শিৱ ৷ কিন্তু তাৰ পিচৰ পৰা ৰে’লত নুঠিল শিৱ ৷ লগৰ কেইজনে বিচাৰ খোচাৰ কৰে যদিও শিৱৰ কোনো খা-খবৰ লাভ নকৰে ৷

পৰিয়ালৰ লোকক এই খবৰ জনোৱাৰ পিচতে পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰ চাপে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ তাৰ পিচৰ পৰাই আজি 6 দিন পৰ্যন্ত কোনো খবৰ নাই শিৱৰ ৷ সন্ধানহীন শিৱৰ পৰিয়াল এতিয়া শোকত ভাগি পৰিছে । শিৱৰ পৰিয়ালৰ লোকে সংবাদমাধ্যমকৰ যোগেৰে স্থানীয় বিধায়ক তৰংগ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্ৰত সহায়ৰ বাবে আহ্বান জনাইছে ৷ লগতে শিৱক কৰবাত দেখিলে ততালিকে খবৰ দিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: পেটৰ তাগিদাত বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক - Assam youth missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.