জেষ্ঠ সাংবাদিক বিকাশ শৰ্মাক পৰাগ কুমাৰ দাস বঁটা প্ৰদান গোলাঘাট মিডিয়া ফ’ৰামৰ - PARAG KUMAR DAS AWARD
Foundation day of Golaghat Media Forum : গোলাঘাট মিডিয়া ফ’ৰামৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । জেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক সাংবাদিক পৰাগ কুমাৰ দাস বঁটা প্ৰদান ৷

Published : May 17, 2024 at 7:36 PM IST
গোলাঘাট, ১৭ মে' : শুকুৰবাৰে গোলাঘাটত গোলাঘাট মিডিয়া ফ'ৰামৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে মিডিয়া ফ’ৰামৰ সভাপতি দিগন্ত বৰাই ৷ আনহাতে, পুষ্পাঞ্জলি অৰ্পণ কৰে মিডায়া ফ'ৰামৰ বিষয়ববীয়াসকলে ।
ইয়াৰ পিচতেই গোলাঘাট পৌৰসভাৰ পেক্ষাগৃহত মিডিয়া ফ’ৰামৰ সভাপতি দিগন্ত বৰাৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা । সভাত তেওঁ সাংবাদিকসকলৰ কৰ্তব্য আৰু দায়িত্বৰ ওপৰত বিস্তাৰিতভাৱে বক্তব্য আগবঢ়ায় । শিক্ষাবিদ দীনেশ গগৈ, জেষ্ঠ সাংবাদিক দ্বীপেন দত্তৰ লগতে গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াও সভাত উপস্থিত থাকে ৷ ইয়াৰ উপৰি গোলাঘাট মিডিয়া ফ’ৰামৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ৷
উল্লেখ্য যে গোলাঘাটৰ জেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মাৰ অসুস্থতাৰ বাবে তেখেতৰ বাসগৃহত উপস্থিত হৈ মিডিয়া ফ'ৰামে পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস বঁটা প্ৰদান কৰে । এই বঁটাত গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰৰ লগতে ১০ হাজাৰ টকা নগদ ধন প্ৰদান কৰা হয় ৷
উক্ত বঁটা প্ৰদান অনুষ্ঠানত মিডিয়া ফ'ৰামৰ যুটীয়া সম্পাদক পংকজ হাজৰিকা, মোস্তাক হুছেইন, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নৃপেন বৰুৱা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱা, গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধি, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি কৃষ্ণ বৰুৱা, জিলা প্ৰতিনিধিৰ লগতে ৰাজীৱ লস্কৰ, নিপন গগৈ, শোভন কোঁৱৰকে ধৰি ভালেসংখ্যক দল-সংগঠনে বিকাশ শৰ্মাক সম্বৰ্ধনা জনায় ।

